Local, Vocal, Global

Manipur Police arrested member of KYKL Organization from Imphal West : চুবুৰীয়া ৰাজ্য মণিপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থীক

নিউজ ডেস্ক,২৪ ফেব্ৰুৱাৰী : চুবুৰীয়া ৰাজ্য মণিপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থীক ।

চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান মণিপুৰ আৰক্ষীৰ । আৰক্ষীৰ অভিযানত কৰায়ত্ত কে ৱাই কে এলৰ উগ্ৰপন্থীক। ইম্ফলৰ পশ্চিম জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে উগ্ৰপন্থীজনক। ধৃত উগ্ৰপন্থী জনৰ নাম আৰকে জিতেন ছানা ওৰফে নানাও। তেওঁৰ ঘৰ এমপিটিচি গেটৰ সমীপৰ পাংগেই লেইৰাম মাপানত বুলি জানিব পৰা গৈছে( Manipur Police arrested one active member of KYKL Organization from Imphal West namely RK) ।

জানিব পৰা মতে, আৰক্ষীয়ে কৰায়ত্ত কৰা উগ্ৰপন্থী জনৰ পৰা মেগজিন ভৰ্তি ১১ ৰাউণ্ড গুলি সহ এটা নাইন এম এম পিস্তল, দুটা মোবাইল ফোন, আধাৰ কাৰ্ড সহ কিছু নগদ ধন জব্দ কৰা হয়(Manipur Police arrested member of KYKL Organization from Imphal West)।

মণিপুৰ আৰক্ষীয়ে সদৰি কৰা অনুসৰি , ধৃত উগ্ৰপন্থীজন কে ৱাই কে এল সংগঠনৰ সক্ৰিয় সদস্য। যোৱা ১৬ ফেব্ৰুৱাৰীৰ নিশা চেকমাইত ট্ৰাক চালকক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। আনহাতে, জব্দ কৰা পিস্তলটো নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি লোৱা বুলি সন্দেহ আৰক্ষীৰ। অধিক তথ্য উদ্ঘাটনৰ বাবে বৰ্তমান উগ্ৰপন্থী জনক জেৰা অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষীয়ে।

লগতে পঢ়ক : Wild Tusker Tramples Couple To Death : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণ;বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত দম্পতী