Local, Vocal, Global

Arms seized in Manipur : মণিপুৰত অস্ত্ৰ-শস্ত্ৰসহ কে চি পিৰ ৫সদস্য গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৮অক্টোবৰ : পুনৰ মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। শুকুৰবাৰে মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযান । অভিযানত জব্দ মাৰণাস্ত্ৰ(Arms seized in Manipur) ।

অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । প্ৰায়ে প্ৰতিদিনে মণিপুৰত মাৰণাস্ত্ৰ জব্দৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Manipur Police arrest 5 UG group cadres with arms and ammunition) ।

পুনৰ শুকুৰবাৰে মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ(Arms seized in Manipur) ।

উল্লেখ্য যে, মণিপুৰৰ বিষ্ণুপুৰ, কাকচিং, ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান অব্যাহত আছে। শুকুৰবাৰে পুনৰ সেনা-আৰক্ষীয়ে মণিপুৰত অভিযান চলাই । নিৰাপত্তাৱে চলোৱা অভিযানত ৰাজহুৱা আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ধন দাবী কাৰ্যকলাপত জড়িতৰ অভিযোগত কে চি পিৰ ৫জন সদস্যক গ্ৰেপ্তাৰ কৰে(State Police arrests 5 cadres of banned underground militant group KCP)।

ধৃত এই ৫সদস্যৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰসহ গোলা বাৰুদ জব্দ কৰে। আধুনিক মৰাণাস্ত্ৰ, ৪৮ গোলা-বাৰুদ,৭.৬২ এমুনিমেণ্ট চাৰ্জাৰ ক্লিপ,ম’বাইল হেণ্ডছেটৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। ইফালে নগদ ২,০৯০ টকাসহ হুণ্ডাই আই-২০ নম্বৰ প্লেট বিহিন বাহন জব্দ কৰে।

লগতে পঢ়ক : Arms seized in Manipur : মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, উদ্ধাৰ দুষ্কৃতিকাৰীয়ে লুটি নিয়া মাৰণাস্ত্ৰ