Manipur violence : মণিপুৰৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ
নেশ্যনেল ডেস্ক, ১৫জুন : আজিও মণিপুৰৰ পৰিৱেশ শান্ত হোৱা নাই। এটাৰ পাছত আনটো কাৰকে ক্ৰিয়া কৰি আছে মণিপুৰত (Violence in Manipur)।
প্ৰাপ্ত তথ্য অনুসৰি, ইম্ফল পশ্চিম জিলাৰ লেমফেল অঞ্চলৰ মহিলা মণিপুৰ মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী কোৱাৰ্টাৰত বুধবাৰে নিশা অচিনাক্ত লোকে অগ্নিসংযোগ কৰে (Manipur violence updates)৷ ১২ জনীয় মণিপুৰ কেবিনেটৰ একমাত্ৰ মহিলা সদস্য নেমচা কিগপেন। তেওঁ কাংপোকোপি সমষ্টিৰ বিধায়ক।
জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত তেওঁ ঘৰত নাছিলে। বুধবাৰৰ এই ঘটনাৰ পিছতে বহুতে ভাৱে যে মণিপুৰৰ সাম্প্ৰদায়িক হিংসাৰ পৰা কেৱল সাধাৰণ জনতাই নহয়,নেতা-মন্ত্ৰীসকলো সুৰক্ষিত নহয়।
এগৰাকী চৰকাৰী বিষয়াই জনোৱা অনুসৰি, জাতিগত সংঘাতৰ ফলতে মণিপুৰৰ খামেনলক অঞ্চলত দুৰ্বৃত্তই আক্ৰমণ কৰা বুলি সন্দেহ কৰা হৈছে ৷
বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বুধবাৰে কাংকোপি জিলাত জাতিগত হিংসাত ১১জন লোক নিহত হোৱাৰ লগতে ১০ জন লোক আহত হয় (Manipur ministers official quarters set on fire)৷ তেওঁ কোৱা মতে, এই অগ্নিকাণ্ডৰ ফলত কুকি সম্প্ৰদায়ৰ নেতা কিপগেনৰ কোৱাৰ্টাৰত কোনো উপস্থিত নাছিল । জুই লেলিহান শিখা বিয়পি পৰা পূৰ্বেই ঘটনাস্থলীত উপস্থিত হৈছিল অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ৷
যোৱা ৩ মে’ৰ পৰা উত্তৰ পূব ৰাজ্যখনত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত বিবাদ আৰু সংঘৰ্ষ চলি আছে। যদিও ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে তথাপিও সমাধানৰ হোৱা নাই মণিপুৰৰ পৰিৱেশ ।
ইয়াৰ পূৰ্বে বুধবাৰে পুৱা প্ৰায় ১ বজাত ইম্ফল পূৱ জিলা আৰু কাংপোকি জিলাৰ সীমান্তৱৰ্তী খামেনলক অঞ্চলৰ কুকি গাঁও ঘেৰাও কৰি অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছিল ৷ ফলত কিছু লোক আঘাতপ্ৰাপ্তও হৈছিল ।
আনহাতে, জিলা কৰ্তৃপক্ষই ইম্ফলৰ পূৱ আৰু পশ্চিম জিলাত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে থকা সান্ধ্য আইন শিথিল কৰি পুৱা ৫ বজাৰ পৰা ৯ বজালৈকে বৃদ্ধি কৰিছে ।
তথ্য অনুসৰি, মণিপুৰৰ ১৬ খন জিলাৰ ভিতৰত ১১ খন জিলাত সান্ধ্য আইন বলবৎ থকাৰ বিপৰীতে সমগ্ৰ উত্তৰ-পূব ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে । এমাহ পূৰ্বে মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজত সংঘটিত হোৱা জাতিগত হিংসাত ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৩১০ জন লোক আহত হৈছিল ।ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিয়োগ কৰা হৈছিল ।