Manipur Man Attempts To Smuggle Arms: ত্ৰিপুৰাত বাংলাদেশলৈ অস্ত্ৰ সৰবৰাহৰ চেষ্টা চলাই আটক মণিপুৰৰ লোক

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : দেওবাৰে সন্ধিয়া ত্ৰিপুৰাৰ খোৱাইৰ শ্বিংগিচেৰাত মণিপুৰৰ এজন লোকক বাংলাদেশলৈ অস্ত্ৰ-গোলাবাৰুদ সৰবৰাহ কৰিবলৈ গৈ থকা অৱস্থাত শুল্ক বিভাগকে ধৰি নিৰাপত্তা সংস্থাই আটক কৰে।
ত্ৰিপুৰা আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে,শুল্ক সংমণ্ডল, আগৰতলাৰ বিষয়াসকলে অস্ত্ৰ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত সীমা অতিক্ৰম কৰা ছিণ্ডিকেটৰ সৈতে জড়িত মণিপুৰৰ এজন ব্যক্তিয়ে অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ লৈ লুমডিঙৰ পৰা আগৰতলালৈ গুৱাহাটী-আগৰতলা স্পেচিয়েল ৰে’লযোগে গৈ থকা বুলি তথ্য লাভ কৰে(Manipur Man Attempts To Smuggle Arms)।
নিৰাপত্তা বাহিনীয়ে লাভ কৰা তথ্য অনুসৰি অভিযান চলাই। কেইবা ঘণ্টা ধৰি চলা এক অভিযানৰ পিছত শুল্ক সংমণ্ডলৰ উপ আয়ুক্তৰ নেতৃত্বত তেলিয়ামুৰা শুল্ক প্ৰতিৰোধ বাহিনী আৰু সংমণ্ডল প্ৰতিৰোধ বাহিনী আগৰতলাৰ বিষয়াসকলে ব্যক্তিজনক আটক কৰে।
জানিব পৰা মতে, খোৱাইৰ সীমান্ত পোষ্ট শ্বিংগিচেৰাৰ ওচৰত, খোৱাইৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে বাংলাদেশলৈ অস্ত্ৰ আৰু গোলাবাৰুদ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল।’
এই অভিযানৰ সময়ত কৰ্তৃপক্ষই সন্দেহজনক লোকজনৰ হাতৰ পৰা ৰাছিয়া, আমেৰিকা আৰু ভাৰতীয় মেকৰ চাৰিটা পিষ্টল (.৩২ মিলিমিটাৰ)ৰ লগতে ১৫০ ৰাউণ্ড .৩২ মিমি গুলী আৰু পাঁচটা মেগজিন উদ্ধাৰ কৰে।
লগতে পঢ়ক :Police bullying in Marioni: মৰিয়নিত আৰক্ষীৰ গুণ্ডাগিৰি