Manipur Assembly : বহু প্ৰতীক্ষাৰ অন্ত আজি মণিপুৰত এদিনীয়া বিধানসভা অধিবেশন
নেশ্যনেল ডেস্ক, ২৯আগষ্ট : বহু প্ৰতীক্ষাৰ অন্তত আজি দিনৰ ১১ বজাত পৰা মণিপুৰৰ এদিনীয়া বিশেষ বিধানসভা অধিবেশন অনুষ্ঠিত হ’ব(Manipur Assembly) । ২২ আগষ্টত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে দ্বাদশ মণিপুৰ বিধানসভা চতুৰ্থ অধিবেশন আৰম্ভ হ’ব বুলি চমন জাৰী কৰিছিল(Manipur assembly to meet today for first time since violence began) ৷ মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে ২৯ আগষ্টত বিধানসভাৰ অধিৱেশন আহ্বান কৰিছে বুলি এক অধিসূচনাত প্ৰকাশ পাইছে। অধিসূচনাত প্ৰকাশ কৰা মতে, সোমবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটে অধিৱেশন আহ্বান কৰাৰ পৰামৰ্শ দিছিল। ৰাজ্যপালগৰাকীয়ে ইয়াৰ জৰিয়তে ১২ নং মণিপুৰ বিধানসভাৰ চতুৰ্থ অধিৱেশনৰ ২৯ আগষ্ট মঙলবাৰে পুৱা ১১ বজাত বৈঠকত মিলিত হ’বলৈ আহ্বান জনাইছে।’
২০২৪ চনৰ লোকসভা নিৰ্বাচনত যাতে সৰ্বাধিক ভোট লাভ কৰিব পাৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজোৰা ‘ভোটাৰ চেতনা মহা অভিযান’ অভিযান আৰম্ভ কৰিছে। নতুন ভোটাৰ পঞ্জীয়ন, স্থানান্তৰিত হোৱা লোকসকলক অন্তৰ্ভুক্ত কৰা, সন্দেহজনক ভোটাৰ আঁতৰোৱা আৰু ভোটাৰ কাৰ্ডৰ সবিশেষ শুদ্ধ কৰা আদিৰ বাবে ২৫ আগষ্টত বিজেপিয়ে এই দেশজোৰা অভিযান আৰম্ভ কৰিছিল(Manipur assembly to meet today )।
ইফালে এই অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত অভিযান চলাইছিল আৰু এই অভিযানত বিভিন্ন হিংসাত্মক কাৰ্যত জড়িত ৩৬৬২ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে । লগতে সোমবাৰলৈ ৩০ টা অস্ত্ৰ আৰু ১৬ টা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Manipur legislative assembly begins at 11 pm today) ।
ইয়াৰোপৰি মণিপুৰৰ বিভিন্ন জিলাত মুঠ ১২৭ টা স্থানত নাকা/চেকপইণ্ট স্থাপন কৰা হৈছে আৰু বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত ২২৫৭ জন লোকক আটক কৰে আৰক্ষীয়ে ।
আনহাতে মণিপুৰৰ বিভিন্ন অঞ্চলৰ লগতে দুৰ্গম অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ উল্লেখ্য যে, কংগ্ৰেছৰ লগতে শাসনত থকা দুগৰাকী বিজেপিৰ মন্ত্ৰী আৰু কুকি বিধায়কসহ ১৬ গৰাকী বিধায়কে এই বিধানসভাত বিৰোধিতা কৰিব বুলি সদৰী কৰিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে ।
বিধায়ক কেইশাম মেঘাচন্দ্ৰ সিঙে কয় যে, এই বিধানসভা অধিবেশন সম্পূৰ্ণ অগণতান্ত্ৰিক । সাধাৰণতে বিধানসভা অধিবেশন আৰম্ভ হোৱাৰ ১৫ দিনৰ পূৰ্বে এক বিশেষ নটিফিকেচন দিয়া হয় কিন্তু মাত্ৰ ৫ দিন পূৰ্বে বিধানসভা অধিবেশনৰ নিৰ্দেশ জাৰী কৰিছে ৷ কিন্তু নিৰ্দেশনাত উল্লেখ নাই যে এই অধিবেশন জৰুৰীকালীন নে বিশেষ বা সাধাৰণ অধিবেশন । তেওঁ দাবী কৰে যে, বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে আৰু হিংসা জৰ্জৰিত মণিপুৰৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে । ইতিমধ্যে কংগ্ৰেছ দলৰ বিধায়কে চি এল পি নেতৃত্বত এখন Private Resolution অধ্যক্ষক প্ৰেৰণ কৰিছে ৷