Manipur horror : মণিপুৰ কাণ্ডৰ চাৰিওটা অভিযুক্তক ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

নেশ্যনেল ডেস্ক, ২১ জুলাই: মণিপুৰত দুগৰাকীকৈ মহিলাক উলংগ কৰি পেৰেড কৰা ভাইৰেল ভিডিঅ’ৰ ঘটনাটোৰ সৈতে জড়িত (viral video of women being paraded naked in Manipur) থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা চাৰিওটা অভিযুক্তক শুকুৰবাৰে ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
সমগ্ৰ দেশবাসীক লজ্জানত কৰা “ভাইৰেল ভিডিঅ’ৰ গোচৰটোত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে চাৰিটা মূল অভিযুক্তক(Manipur horror) । মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, চাৰিও অভিযুক্তক ১১ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।
মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক টুইটযোগে উল্লেখ কৰিছিল যে, থৌবাল জিলাৰ নংপক ছেকমাই আৰক্ষী থানাত ৰুজো হোৱা অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ জঘন্য অপৰাধৰ গোচৰৰ আৰু তিনিটা মূল অভিযুক্তক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে । এই তিনিটাক ধৰি এতিয়ালৈকে মুঠ চাৰিটা অভিযুক্তক আজিলৈকে গ্ৰেপ্তাৰ কৰা হৈছে (Heinous crime of abduction and gangrape) ।”
জানিব পৰা মতে, মণিপুৰত জাতিগত সংঘৰ্ষ (Ethnic clashes broke out in Manipur) আৰম্ভ হোৱাৰ এদিন পিছতে অৰ্থাৎ ৪ মে’তে এই জঘন্য অপৰাধটো সংঘটিত হৈছিল । ইয়াৰে এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰি মূল অভিযুক্তকে ধৰি ৪ টা অভিযুক্তত গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক: Manipur violence : দ্বিতীয় দিনাও কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছে যে মণিপুৰৰ বিষয়ক লৈ আলোচনা হ’ব
ভিডিঅ’টোক suo motu cognisance হিচাপে বিবেচনা কৰি মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা উল্লেখ কৰিছিল যে, থৌবাল জিলাৰ নংপক ছেকমাই থানাত অজ্ঞাত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ বিৰুদ্ধে অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে জোৰদাৰ অভিযান আৰম্ভ কৰা হৈছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi)ও বৃহস্পতিবাৰে উল্লেখ কৰিছিল যে, তেখেতে এই কাণ্ডক লৈ বহু যন্ত্ৰণাত ভুগিছে আৰু এনে কাণ্ড “যিকোনো নাগৰিক সমাজৰ বাবে লজ্জাজনক”। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ইয়াত কোনো অভিযুক্তকে ৰেহাই দিয়া নহ’ব, ইয়াৰ আঁৰত থকাসকলক আমি কেতিয়াও ক্ষমা নকৰো।
মণিপুৰত সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থা(ATSUM)ই অনুসূচিত জনজাতি (Scheduled Tribes)ৰ তালিকাত মেইটেই সম্প্ৰদায়ৰ লোকক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ প্ৰতিবাদত যোৱা ৩ মে’ত এক সমদল বাহিৰ কৰাৰ পিছতে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল ।