Manipur Violence : হিংসাত্মক মণিপুৰত সীমিত ইণ্টাৰনেট সেৱা প্ৰদানৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
নেশ্যনেল ডেস্ক, ২০ জুন : মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাত্মক পৰিস্থিতি (Manipur Violence) । হিংসাত্মক কাৰ্যকলাপ প্ৰতিৰোধৰ দোহাই দি আছে যোৱা এমাহতকৈও অধিক সময় ৰাজ্যখনত কৰ্তন হৈ আছে ইণ্টাৰনেট সেৱা । অৱশেষত ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ইণ্টাৰনেট সেৱা পুনৰ লাভ কৰিব মণিপুৰৰ জনসাধাৰণে (Manipur High Court) । ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণত থকা কেইটামান নিৰ্দিষ্ট স্থানত জনসাধাৰণক ইণ্টাৰনেটৰ ব্যৱহাৰ দিবলৈ আজি অৰ্থাৎ মঙলবাৰে মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য কৰ্তৃপক্ষক নিৰ্দেশ দিছে ।
ৰাজ্যৰ কেইবাগৰাকীও ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই মণিপুৰ উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশ যোগে ৰাজ্য চৰকাৰক কিছুমান নিৰ্দিষ্ট স্থানত জনসাধাৰণক সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে (Internet services restored Manipur) ।
বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত জনসাধাৰণে সন্মুখীন হোৱা কষ্টৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে জনসাধাৰণৰ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাসমূহ উপলদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিছে ।
শুকুৰবাৰে ৰাজ্যত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ বাবে ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ গোট শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অহন্তেম বিমোল সিং আৰু এ গুণেশ্বৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰে। উল্লেখ্য যে, বিগত ৪ মে’ৰ পৰা ইণ্টাৰনেট নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈ আছে মণিপুৰবাসী ।
আদালতে লগতে ভোডাফোন, আইডিয়া, জিঅ’, বিএছএনএল আৰু এয়াৰটেল আদি টেলিকম কোম্পানীসমূহক ছ’চিয়েল মিডিয়া ৱেবছাইট সমূহ বন্ধ কৰি ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ বাবে জনসাধাৰণক সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ কোনো সম্ভাৱনীয়তা আছে নেকি সেই বিষয়ে ব্যাখ্যা কৰি এক চুটি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
বিচাৰপীঠে এই গোচৰসমূহৰ পৰৱৰ্তী শুনানি অহা ২৩ জুনত নিৰ্ধাৰণ কৰে । উল্লেখ্য যে, এমাহৰো অধিক সময় ধৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে । লগতে গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক।
লগতে পঢ়ক : PM Modi US Visit : চাৰিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোডী আমেৰিকালৈ ৰাওনা