Local, Vocal, Global

Manipur cops arrest 4 militants : পুনৰ মণিপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থী সংগঠনৰ সদস্য

নেশ্যনেল ডেস্ক, ২৯আগষ্ট : পুনৰ মণিপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থী সংগঠনৰ দুই সদস্য । মঙলবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, বিদ্ৰোহী সংগঠন ৰিভলিউচনৰী পিপলছ ফ্ৰণ্ট (RPF/PLA), নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম ইচাক-মুইভা (NSCN-IM)ৰ এটাকৈ সদস্য আৰু কাংলেইপাক কমিউনিষ্ট পাৰ্টিৰ (KCP) ২টা অভাৰ-গ্ৰাউণ্ড ৱৰ্কাৰক গ্ৰেপ্তাৰ কৰা হৈছে (Manipur cops arrest 4 militants in separate operations weapons seized) ।

মঙলবাৰে আৰক্ষীয়ে কয় যে , আৰক্ষীৰ পৃথক পৃথক অভিযানত বিভিন্ন সংগঠনৰ চাৰিটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে। আৰক্ষীয়ে জনোৱা মতে বিষ্ণুপুৰ, থৌবাল, ইম্ফল-পশ্চিম, ইম্ফল-পূব আৰু কাকচিং জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত তালাচী অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে (Manipur cops arrest 4 militants) ।

উল্লেখ্যে যে,শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ হিংসাৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ (চিবিআই)ৰ দ্বাৰা তদন্ত কৰি থকা অপৰাধমূলক গোচৰৰ বিচাৰ গুৱাহাটীলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়ে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাৰ বিচাৰপীঠে কয় যে, মণিপুৰৰ উপত্যকা আৰু পাহাৰ ক্ষতিগ্ৰস্ত হৈছে ।ৰাজ্যখনৰ ভিতৰলৈ যাব নোৱাৰে কিয়নো দুয়োটা সম্প্ৰদায়তে ভুক্তভোগী আছে । বিচাৰপীঠে লগতে কয় যে, ভুক্তভোগী আৰু সাক্ষীসকলে গুৱাহাটীৰ আদালতলৈ শাৰীৰিকভাৱে অহাৰ সলনি তেওঁলোকৰ ঘৰৰ পৰা ভাৰ্ছুৱেলী সাক্ষ্য দিব পাৰিব ।

উল্লেখ্য যে যোৱা ৩ মে’ৰ পৰা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে । দুটা সম্প্ৰদায়ৰ মাজৰ হোৱা হিংসাই ৰাজ্যখনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বাবে আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীয়ে দিনে নিশাই ৰাজ্যখনত অব্যাহত ৰাখিছে অভিযান ।

লগতে পঢ়ক :Manipur Assembly : বহু প্ৰতীক্ষাৰ অন্ত আজি মণিপুৰত এদিনীয়া বিধানসভা অধিবেশন