Local, Vocal, Global

আজি অনুষ্ঠিত হব মণিপুৰৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান

নিউজ ডেস্ক,২১ মাৰ্চঃদেওবাৰে মণিপুৰত বিজেপিৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত ঘোষণা হয় মুখ্যমন্ত্ৰীৰ নাম। মণিপুৰৰ মুখ্যমন্ত্ৰীত্বৰ পদৰ বাবে উত্থাপন কৰা হৈছিল বীৰেন সিঙ আৰু বিশ্বজিত সিঙৰ নাম।

কিন্তু শেষ সময়ত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কিৰেন ৰিজিজুয়ে ঘোষণা কৰা বীৰেন সিঙৰ নাম আৰু অৱশেষত দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং।আজি দুপৰীয়া ৩বজাত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান। যোৱা

জানিব পৰা মতে,বীৰেন সিং সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে আছিল এগৰাকী সুদক্ষ ফুটবলাৰ। বি এছ এফতো কাম কৰাৰ উপৰি এগৰাকী সাংবাদিক হিচাপেও কিছুদিন কাম কৰিছিল বীৰেন সিঙে।