Local, Vocal, Global

Manipur Students Killing: মণিপুৰত পুনৰ বন্ধ ইণ্টাৰনেট সেৱা,বন্ধ শিক্ষানুষ্ঠান

নেশ্যনেল ডেস্ক, ২৭ছেপ্টেম্বৰ : অশান্ত মণিপুৰ । শান্ত হোৱা নাই মণিপুৰ । অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা । প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। পুনৰ মণিপুৰৰ পৰা আহিছে হিংসাত্মকনা ঘটনাৰ খবৰ(Manipur Students Killing) ।

বিগত চাৰি মাহে মণিপুৰত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা । অৱশেষত ২৩ছেপ্টেম্বৰ পৰা মণিপুৰত মুকলি কৰা হৈছিল ইণ্টাৰনেট সেৱা(Internet Services Suspended) ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে মণিপুৰত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। সুদীৰ্ঘ দিনৰ অন্তত অৱশেষত মণিপুৰত মুকলি কৰি দিয়া হৈছিল ইণ্টাৰনেটৰ সংযোগ(Manipur Bans Mobile Internet Again Amid Protests Over Dead Students Photos)।

২৩ ছেপ্টেম্বৰত ৰাজ্যখনত ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে পোহৰলৈ আহে এক ভয়ংকৰ ঘটনাৰ । পোহৰলৈ আহে দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি । জানিব পৰা মতে, বিগত বৰ্ষত জুলাই মাহতে নিখোঁজ হৈছিল শিক্ষাৰ্থী দুগৰাকী । দীৰ্ঘদিনে সন্ধানহীন হৈ থকা শিক্ষাৰ্থী দুগৰাকীক সন্ধান বিচাৰি আছিল যদিও কোনো ধৰণৰ তথ্য পোৱা নাছিল । কিন্তু অৱশেষত ২৩ ছেপ্টেম্বৰ দিনা ৰাজ্যখনত ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে দুয়োৰে মৃতদেহৰ ছবি পোহৰলৈ আহিছে(Photos of missing students found dead go viral) ।

এই ফটো ভাইৰেল হোৱাৰ লগে লগে পুনৰ উত্তপ্ত হয় হৈ পৰে ৰাজ্যখন। যাৰ বাবে মণিপুৰৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যপালে।

উল্লেখ্য যে, মেইটেই আৰু কুকিসকলৰ মাজত ৩ মে’ৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে ৰাজ্যখনত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। উত্তপ্ত পৰিস্থিতিক সাম কটোৱাৰ উদ্দেশ্যৰে প্ৰায় ৪ মাহৰ ধৰি ইণ্টাৰনেট সেৱা বন্ধ থকা ৰাজ্যখনত বিগত ২৩ ছেপ্টেম্বৰত পুনৰ ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছিল(In Sudden Reversal Internet Shut Down Again in Manipur) ।

দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ থকা দুই শিক্ষাৰ্থী দুগৰাকীৰ ফটো ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ হোৱাত দুয়োৰে মৃতদেহৰ ছবি পোহৰলৈ অহাৰ পাছতে শিক্ষাৰ্থী দুজনৰ মৃত্যুৰ তদন্ত বিচাৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

এই ঘটনাৰ বাবে মণিপুৰত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে ৰাজ্যখনত পুনৰ ১ অক্টোবৰলৈ সাময়িকভবে স্থগিত ৰখা হৈছে ইণ্টাৰনেট সেৱা। তদুপৰি বন্ধ ৰখা হৈছে শিক্ষা প্ৰতিষ্ঠানসমূহ।

লগতে পঢ়ক :Manipur violence: ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনাৰ