Mangaldoi Protest:ৰাজ্যজোৰা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী
মঙলদৈ,১৭ডিচেম্বৰ : ৰাজ্যজোৰা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী ।সমান্তৰালকৈ মঙলবাৰে মঙলদৈত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।
মঙলদৈৰ ভেৱাৰঘাট কৃষ্টি সংঘ খেলপথাৰৰ পৰা জিলা সৰ্বশিক্ষা মিছনৰ কাৰ্যালয় লৈ জিলাখনৰ শতাধিক ৰান্ধনীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে(Mangaldoi Protest)।
মাননি ১০ হাজাৰ টকা লৈ বৃদ্ধি কৰক, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক সাহায্য প্ৰদান কৰক আদি ধ্বনিৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৰন্ধনীসকলে।
লগতে পঢ়ক :চিকিৎসকে সুৰাপান কৰি ৰোগীৰ আত্মীয়ৰ লগত বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ