Local, Vocal, Global

WATCH | Mangaldoi News: মঙলদৈত NHM ৰ নাৰ্ছ আৰু কৰ্মচাৰী সকলৰ কৰ্ম বিৰতি

মঙলদৈ,৪মাৰ্চ : আজি ৰাজ্যজুৰি NHM কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। নিজৰ প্ৰাপ্য বিচাৰি কামৰ পৰা বিৰতি নাৰ্ছৰ।

মঙলদৈত NHM ৰ নাৰ্ছ আৰু কৰ্মচাৰী সকলৰ কৰ্ম বিৰতি। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সংস্থাৰ কৰ্ম বিৰতি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনত।

আজিৰে পৰা চাৰি দিনীয়াকৈ ৰূপায়ন কৰিব এই কৰ্ম বিৰতি আৰু বিক্ষোভ কাৰ্যসূচী। NHM ৰ নাৰ্ছ আৰু কৰ্মচাৰী সকলৰ সম কামৰ সম দৰমহা আৰু চৰকাৰৰ সপ্তম দৰমহা নীতিৰ আধাৰত দৰমহা প্ৰদানৰ দাবী নাৰ্ছ আৰু কৰ্মচাৰী সকলৰ9Mangaldoi News)।

উল্লেখযোগ্য যে জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে দৰঙৰ আটাইকেইখন উপ স্বাস্থ্য কেন্দ্ৰতেই এই কৰ্ম বিৰতি ৰূপায়ন কৰে নাৰ্ছ আৰু কৰ্মচাৰী সকলে।

লগতে পঢ়ক :WATCH |Nalbari News: নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত ট্ৰেক্টৰৰ দৌৰত্ম!