Local, Vocal, Global

WATCH | Mangaldoi News: মঙলদৈ হাউলী মোহনপুৰত দৰং-ওদালগুৰি কৈৱৰ্ত সন্মিলনৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

নিউজ ডেস্ক,২০ফেব্ৰুৱাৰী : মঙলদৈ হাউলী মোহনপুৰত দৰং-ওদালগুৰি কৈৱৰ্ত সন্মিলনৰ অধিৱেশনৰ লাইখুঁটা স্থাপন। অহা ইংৰাজী ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব ৩৮ সংখ্যক অধিবেশন ৷

দৰং-ওদালগুৰি কৈৱৰ্ত সন্মিলনৰ ৩৮ সংখ্যক অধিবেশন মঙলদৈ মোহনপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ অসম মিন উন্নয়ন নিগমৰ অধ্যক্ষ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে লৈ এই অধিৱেশন উপলক্ষে এক শক্তিশালী উদযাপন সমিতি গঠন কৰে(Mangaldoi News)।

অধিৱেশনৰ মঙলদৈ হাউলী মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে লাইখুঁটা স্থাপন কৰা হয়। অধিবেশনত দৰং-ওদালগুৰিৰ কেইবাহাজাৰ লোক উপস্থিত হোবাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে গুৰুজ্যোতি দাসে ৷ উল্লেখযোগ্য যে অধিবেশনৰ দ্বিতীয় দিনা অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী উপস্থিত হ’ব বুলি জানিব দিলে প্ৰাক্তন বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে৷

লগতে পঢ়ক :WATCH | Rangia News: ৰঙিয়াত জীৱন্তে অগ্নিদগ্ধ এগৰাকী মহিলা