Mangaldoi News:মঙলদৈত আৱৰ্ত ভৱন নিৰ্মাণকলৈ বিসংগতি
মঙলদৈ,১৬ফেব্ৰুৱাৰী : মঙলদৈত আৱৰ্ত ভৱন নিৰ্মাণকলৈ বিসংগতি। আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ অহা কৰ্মচাৰীক খেদি পঠিয়ালে স্থানীয় ৰাইজে।
মঙলদৈ চহৰৰ মাজমজিয়াত থকা পূৰ্বৰ আৱৰ্ত ভৱন স্থানান্তৰিত কৰি দৰং জিলাত নতুনকৈ আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ জো-যা কৰিছে জিলা প্ৰশাসনে।
মঙলদৈ নিকতৱৰ্তী পকাবাঙীপাৰা গাঁৱত থকা ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে জো-যা কৰোঁতেই পকাবাঙীপাৰা গাঁৱৰ ৰাইজে বিধি পথালি দিয়ে নিৰ্মাণ কাৰ্যত।
৪-৫ খন ৰাইজৰ কষ্টৰ ধনেৰে দ খাৱৈ পুতি খেলপথাৰ নিৰ্মাণ কৰি লোৱা ৰাইজে কোনো কাৰণতে আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ নিদিয়ে স্থানীয় ৰাইজে । ৰাইজৰ দাবী ৰাজহুৱা খেলপথাৰ খনৰ বাহিৰে উক্ত স্থানত থকা দ ঠাই পুতি আৱৰ্ত ভৱন নিৰ্মাণ কৰাত আপত্তি নাই ৰাইজৰ। স্থানীয় ৰাইজে ৰাইজ মেল পাতি এই দাবী জনায় জিলা প্ৰশাসনক(Mangaldoi News)।
উল্লেখযোগ্য যে উক্ত স্থানত থকা দ ঠাইৰ পৰিবৰ্তে পুতি থোৱা ৰাজহুৱা খেলপথাৰত আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ নিয়োজিত ঠিকাদাৰৰ হে অভিসন্ধি বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাইজে।ৰাইজে আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ অহা বনুৱাক খেদি পঠিয়ায় উক্ত স্থানৰ পৰা।
লগতে পঢ়ক:Student missing for 5 days from Silapathar: চিলাপথাৰত ৫ টা দিনে সন্ধানহীন কলেজীয়া ছাত্ৰ