Local, Vocal, Global

WATCH | Mangaldoi News : অংক ছাৰৰ নিমিলা অংক

মঙলদৈ,২২জুন : মোবাইলত টিউচনৰ ছাত্ৰীক অশালীন মেচেজ দি, টিউচনৰ ক্লাছলৈ অকলশৰীয়াকৈ আহিবলৈ দি ধৰা পৰিল ছাৰ।

মঙলদৈৰ নিকটৱৰ্তী বৰ ঠেকেৰাবাৰীৰ শংকৰদেৱ হাইস্কুলৰ নিম্ন বৰ্গৰ সহায়ক, উইচবেক ৰিয়াজুদ্দিন শইকীয়া নামৰ চৰকাৰী কৰ্মচাৰী জনে মঙলদৈ চহৰত দৈনিক পঢ়ুৱাইছিল একাংশ ছাত্ৰ ছাত্ৰীক। ছাৰ চৰকাৰী বিদ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক যদিও অংক আৰু বিজ্ঞান বিষয়ত দখল থকাৰ বাবে ছাত্ৰ ছাত্ৰী ভৰি পৰে টিউচন চেন্টাৰ। কিন্তু তাতেই লাগিল কেনা(Mangaldoi News)। পিছে ছাৰৰ আছে চৰিত্ৰৰ দোষ। চাৰে হয়তো পঢ়া নাছিল চৰিত্ৰ পাঠ।

ছাত্ৰীৰ মোবাইলত অশালীন মেচেজ আৰু অকলশৰীয়াকৈ টিউচন ক্লাছলৈ মাতে ছাৰে । সেই কথা গম পাই জঙ্গোৰ খাই উঠে অভিভাৱক। অংক ছাৰৰ বিৰুদ্ধে শনিবাৰে পৰিয়ালৰ লোকে মঙলদৈ সদৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। ততালিকে মঙলদৈ আৰক্ষীয়েও আটক কৰে অংক ছাৰক। বৰ্তমান মঙলদৈ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :WATCH | Sonapur News : ডিমৰীয়া জিলা জনজাতি সংঘৰ ২১ জনীয়া পূৰ্ণাংগ জিলা সমিতি