Local, Vocal, Global

WATCH | Mangaldoi News : বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক

মঙলদৈ,১৮মে’ : বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক। ইটোৰ পিছত আনটো অভিযোগ হুছেইনৰ বিৰুদ্ধে। এইবাৰ অভিযোগ দাখিল কৰিলে বিশ্ব হিন্দু পৰিষদে।

মঙলদৈৰ এগৰাকী শিক্ষয়ত্ৰীক ছচিয়েল মিডিয়া যোগে অশ্লীল মন্তব্য কৰি জেইল যোৱাৰ পিছত এতিয়া আকৌ সংগঠনৰ ৰোষত পৰিছে ইছমাইল হুছেইন ।

আজি দৰঙৰ বিশ্ব হিন্দু পৰিষদে দৰং জিলা সাহিত্য সভাৰ কাৰ্যালয় লৈ গৈ স্মাৰক পত্ৰ প্ৰদান কৰে। আগন্তুক অসম সাহিত্য সভাৰ সকলো কাৰ্যসূচীৰ পৰা,কিতাপ প্ৰকাশৰ পৰা বিৰত ৰাখিবলৈ দাবী কৰে,ইছমাইল হুছেইনে যাতে অসম সাহিত্য সভাৰ প্লেট ফাৰ্মখন ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল ‘বলৈও দাবী কৰে সংগঠন টিয়ে(Mangaldoi News)।

দৰং জিলা সাহিত্য সভাৰ সভাপতি ,সম্পাদক গৰাকীয়ে শীঘ্ৰে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে। পৰৱৰ্তী সময়ত অসম সাহিত্য সভাই ইছমাইল হুছেইনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

লগতে পঢ়ক : WATCH | Gossaigaon News : পাকিস্তানক সমৰ্থন কৰি আৰক্ষীৰ জালত ভাওঁৰাগুৰীৰ গাঁৱৰ যুৱক