WATCH | Mangaldoi News : শৰীৰ চৰ্চা কাৰী আক্কাছ আলি এতিয়া পঞ্চায়তৰ প্ৰতিনিধি
মঙলদৈ,১৪মে’ : শৰীৰ চৰ্চা কাৰী আক্কাছ আলি এতিয়া পঞ্চায়তৰ প্ৰতিনিধি।
দৰং জিলাৰ তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বান্দিয়া গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদত জয়লাভ কৰিলে আক্কাছ আলিয়ে।
পূৰ্বৰে পৰাই আক্কাছ আলি সামাজিক কাম কাজৰ লগত জড়িত হৈ থকাৰ লগতে শৰীৰ চৰ্চাতো মনোনিৱেশ কৰিছিল আক্কাছে(Mangaldoi News)।
মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা জিলা ভিত্তিত শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৰং শ্ৰী হৈছিল আক্কাছ।
আক্কাছৰ এই জয় এতিয়া যুৱ চামৰ মাজত আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে।
আনহাতে এই জয় দৰঙত তৃণমূল কংগ্ৰেছৰো ভেটি সবল হোৱাৰ পথ প্ৰসস্ত হৈছে।
লগতে পঢ়ক : WATCH | Drugs seized : অভয়াপুৰীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ