WATCH | Mangaldoi News : ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ
মঙলদৈ,২২এপ্ৰিল : পঞ্চায়ত নিৰ্বাচন সমাগত।
ৰাজ্যৰ চৌদিশে নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে।
সমান্তৰালকৈ মঙলদৈতো বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছে প্ৰাৰ্থীসকলে।
এয়া দৰং জিলাত নতুনকৈ গঠিত হোৱা চপাই জিলা পৰিষদ সমষ্টিৰ প্ৰচাৰৰ দৃশ্য( Mangaldoi News)।
ভাৰতীয় জনতা পাৰ্টীৰ চপাই জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী শেৱালী গোস্বামী কলিতাই বিভিন্ন অঞ্চলত চোতালে চোতালে নিৰ্বাচনী প্ৰচাৰ চলাইছে।
সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দিতা হ’ব যদিও ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী শেৱালী গোস্বামী কলিতা জিকিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত।
লগতে পঢ়ক : WATCH | Boko News : বকোৰ দিলিঙ্গাত মা কালী মন্দিৰ আশ্ৰীত গঞা ৰাইজৰ উদ্যোগত ” পদুলি শুৱনি আঁচনি” শুভাৰম্ভ