WATCH | Mangaldoi News : আমৰণ অনশনত বহিল দৰং জিলা কংগ্ৰেছৰ সভাপতি

মঙলদৈ,১৭এপ্ৰিল : আমৰণ অনশনত বহিল দৰং জিলা কংগ্ৰেছৰ সভাপতি।
মঙলদৈ ৰাজীৱ ভৱনৰ সন্মুখত বহিল আমৰণ অনশনত দৰং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মাধৱ ৰাজবংশী ।
৯ নং শ্যামটিলা অপৰীয়া জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী উম্মে চালমাৰ মনোনয়ন পত্ৰ পুনঃ বিবেচনা কৰাৰ দাবীত দৰং কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশী বহিল আমৰণ অনশনত(Mangaldoi News)।
উল্লেখযোগ্য যে, ৯ নং শ্যামটিলা অপৰীয়া জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উম্মে চালমাৰ মনোনয়ন জিলা নিৰ্বাচনি বিষয়াই প্ৰাৰ্থী বা নিৰ্বাচনী এজেন্টক একো নজনোৱাকৈ বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত এই অনশন কৰে।
প্ৰাৰ্থী গৰাকীৰ মনোনয়ন পুনৰ বিবেচনা নকৰা পৰ্যন্ত এই অনশন কৰি যাব বুলি জিলা সভাপতি মাধৱ ৰাজবংশীয়ে জানিব দিয়ে। এই অনশনত জিলা সভাপতি গৰাকীক সংগ দিয়ে মনোনয়ন বাতিল হোৱা প্ৰাৰ্থী গৰাকীৰ লগতে বহু কেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে।
লগতে পঢ়ক : WATCH | Woman goes missing : ৰঙিয়া জংচনৰ ৪ নম্বৰ প্লেটফৰ্মৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা