WATCH | Mangaldoi News : মাধৱ ৰাজবংশীৰ কৰ্মকাণ্ডত সন্দেহ দৰঙ কংগ্ৰেছৰ কৰ্মীৰ
মঙলদৈ,১৩এপ্ৰিল : মাধৱ ৰাজবংশীৰ কৰ্মকাণ্ডত সন্দেহ উপজিছে দৰঙ কংগ্ৰেছৰ কৰ্মীৰ । দৰঙ কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ ।
দৰঙ কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশী য়ে বিজেপিৰ সৈতে মিতিৰালি কৰি কংগ্ৰেছ শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰিছে খোদ কংগ্ৰেছ সম্পাদক আক্কাছ আলিয়ে।
যোৱা লোক সভা নিৰ্বাচনতে মাধৱ ৰাজবংশীৰ যে বিজেপিৰ সৈতে গোপন বুজাবুজি আছিল সেই কথা প্ৰকাশ কৰে কংগ্ৰেছ সম্পাদক গৰাকীয়ে ।
মঙলদৈ বিধান সভা সমষ্টি কংগ্ৰেছ ৰ দখলত থকা স্বত্বেও পঞ্চায়ত নিৰ্বাচনত বহু ঠাইত প্ৰাৰ্থী দিব পৰা নাই কংগ্ৰেছে।দৰঙৰ দুখন জিলা পৰিষদ আসনত কংগ্ৰেছে টিকট নিদিয়াৰ ফলত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় বিজেপি(Mangaldoi News)।
পঞ্চায়ত নিৰ্বাচনৰ লেখীয়া নিৰ্বাচনৰ সময়টো মঙলদৈ ৰাজীৱ ভৱনত নাই কোনো তৎপৰতা , মৰিশালী পৰিবেশে বিৰাজ কৰিছে মঙলদৈ ৰাজীৱ ভৱন , এগৰাকী ব্যক্তিও নাই ৰাজীৱ ভৱনত, দৰঙ জিলাৰ কংগ্ৰেছ সভাপতি মাধৱ ৰাজবংশী য়ে নিজৰ বাসগৃহ ,হোটেলৰ পৰাই পঞ্চায়তৰ টিকট বিতৰণ কৰিছে , ইয়াকে লৈ কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ ক্ষোভ দেখা গৈছে, ধনৰ লেন দেন আৰু বিজেপিৰ লগত গোপন বুজাবুজি কৰি টিকট বিতৰণ কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছ সম্পাদক আকাশ আলিয় ,আনকি তেওঁ ফটো তথ্য সহকাৰে প্ৰমাণ ও দাঙি ধৰিছে বিজেপিৰ সদস্যক হে কংগ্ৰেছৰ টিকট প্ৰদান কৰিছে মাধৱ ৰাজবংশী য়ে , দৰঙ জিলাৰ দুখন জিলা পৰিষদৰ আসনত কংগ্ৰেছে কৌশল পূৰ্ণ ভাবে প্ৰাৰ্থী দিয়াৰ পৰা বিৰত থকাত সহজ ভাবে লব পৰা নাই তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ সকলে।
কিয়নো মঙলদৈ বিধান সভা সমষ্টি আজিও কংগ্ৰেছৰ দখলতে আছে কিন্তু জিলা পৰিষদ , আঞ্চলিক পঞ্চায়ত ত প্ৰাৰ্থী দিব নোৱাৰাটো এক লজ্জাজনক বুলি কলে কংগ্ৰেছ সম্পাদক গৰাকীয়ে, মাধৱ ৰাজবংশীৰ এনে উদ্দেশ্য প্ৰাণোদিত হঠকাৰী সিদ্ধান্ত দলৰ ক্ষতি হৈছে আৰু শীঘ্ৰে সভাপতি মাধৱ ৰাজবংশীক সভাপতিৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰে কংগ্ৰেছ কৰ্মী জনে।
আনফালে দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে সংবাদ মেল সম্বোধন কৰি পঞ্চায়ৰ টিকট দিয়াত কিছু খেলিমেলি হয় বুলি মন্তব্য কৰে। আঞ্চলিক পঞ্চায়তৰ দুগৰাকী প্ৰাৰ্থীয়ে টিকট গ্ৰহণ কৰিছিল যদিও বিজেপিয়ে প্ৰাৰ্থী গৰাকীক মনোনয়ন পত্ৰ দাখিল কৰাত বাধা প্ৰদান কৰে বুলিহে মন্তব্য কৰে।
লগতে পঢঞ