WATCH | Mangaldoi News : মঙলদৈত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ
মঙলদৈ,৩এপ্ৰিল : মঙলদৈত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ।
মঙলদৈ বেগা নদীত বিৰল প্ৰজাতিৰ মাছ দেখি হাহাকাৰ ৰাইজৰ।
কোনোৱে মাছ খিনি লৈ আহি বেগা নৈত পেলাই যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
উক্ত মাছ বিধ কি প্ৰজাতিৰ সেইয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও বিৰল প্ৰজাতিৰ এই মাছ বিধ যত থাকিব সেই জলাশয়ত আন থলুৱা মাছৰ আৰু উৎপাদন নহয় বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে।
সেয়েহে বেগা নদীত এই মাছ খিনি কোনো লোকে পেলাই থৈ যোৱা বুলি অনুমান কৰিছে(Mangaldoi News)।
ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হয়। এতিয়াও বেগা নদীত বহু সংখ্যক মাছ থকাৰ সন্দেহ প্ৰকাশ কৰিছে লোক সকলে।
লগতে পঢ়ক : WATCH | Dibrugarh News : ডিব্ৰুগড় শ্বহীদ ন্যাসত আছুৰ সংবাদমেল