Local, Vocal, Global

WATCH | Mangaldoi News : মঙলদৈত ‘অসম মালা’ আঁচনি এতিয়া মৰণ ফাণ্ডত পৰিণত হৈছে

মঙলদৈ,২৬মাৰ্চ : মঙলদৈত ‘অসম মালা’ আঁচনি এতিয়া মৰণ ফাণ্ডত পৰিণত হৈছে

অসম মালা আঁচনিৰ এটা নৱনির্মিত পথে জ্বলা কলা খুৱাইছে মঙলদৈৰ বেজপাৰাৰ ৰাইজক

মঙলদৈৰ বেজপাৰা পথত অসম মালা’ আঁচনিৰ পথ নিৰ্মানৰ বাবে খান্দি থোৱা গাঁতত সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা

অসম মালা-২ ২০২৩-২৪ আঁচনিৰ অধিনত মঙলদৈৰ পৰা ৰঙিয়া সংযোগী ৪৩.৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ তি লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলি আছে। যাৰ ফলত পথৰ সোমাজত কালভাৰ্ট নিৰ্মাণ কৰিবলৈ দ গাঁতৰ সৃষ্টি হৈছে। সেই গাঁতত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ বহুজন ঘুনীয়া হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে(Mangaldoi News)।

যোৱা নিশাও সেই গাঁতত মঙলদৈৰে দুজন যুৱক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। গাঁতত ওচৰত কোনোধৰণৰ পথ নিৰ্দেশনা ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগে।
লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ কাণ্ড জ্ঞান হীন কামৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

অতি শীঘ্ৰে এই পথ চোৱাত পথ নিৰ্দেশনা আৰু ক্ষীপ্ৰ গতিত নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশীৰ লগতে সচেতন ৰাইজে।

উল্লেখযোগ্য যে উক্ত পথ চোৱাৰ শুভ উদ্ধোধন কৰিছিল মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

লগতে পঢ়ক : WATCH | Mangaldoi News : মঙলদৈত সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী