WATCH | Mangaldoi News : মঙলদৈত ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ সন্থা

মঙলদৈ,১৮মাৰ্চ : মঙলদৈত ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ সন্থা ৷
সদৌ দৰং জিলা ছাত্ৰ সন্থা, অসম উন্নতি সভাৰ আৰু অসম সেনাৰ যৌথ উদ্যোগত ড্ৰাগছ বিৰুদ্ধে মঙলবাৰে এক সজাগতামূলক সমদল উলিয়াই ৷
মঙলদৈ শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰা এই ড্ৰাগছ বিৰোধী শ্লোগানেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত উত্তাল কৰি তোলে। ড্ৰাগছ এক সামাজিক ব্যাধি,আহক এখন ড্ৰাগছ মুক্ত সমাজ গঢ়ো বাণীৰে ৰাষ্ট্ৰীয় ঘাইপথত অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে সমাজলৈ আহ্বান জনায়(Mangaldoi News)।
ছাত্ৰ নেতাসকলে এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰি ড্ৰাগছ ব্যৱসায়ী সকলক কৰায়ত্ব কৰি অসমৰ নতুন প্ৰজন্মক ৰক্ষা কৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক : WATCH | Self Reliance through Farming: জামুগুৰিহাটত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন এজন যুৱকৰ