Mangaldoi News : আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষী পত্নীৰ
মঙলদৈ,২৫ছেপ্তেম্বৰ : মঙলদৈ থানাত আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে এজাহাৰ আৰক্ষী পত্নীৰ।
আৰক্ষী কনিষ্টবল কনক চন্দ্ৰ ডেকাৰ বিৰুদ্ধে শাৰীৰিক মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ পত্নীৰ। আইনীভাৱে বিবাহ বিচ্ছেদ নোহোৱাকৈ আন এগৰাকী যুৱতীক বিয়া পতাৰ অভিযোগ পত্নী জেউতি ডেকাৰ।
আৰক্ষীৰ বিভাগত চাকৰি কৰাৰ বাবেই আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ পত্নীৰ।CJM কৰ্টৰ ভিতৰতে স্বামী কনক চন্দ্ৰ ডেকাই মহিলা গৰাকীক মাৰধৰ কৰাৰো আন এক অভিযোগ পত্নীৰ।
কেইবাবাৰো আৰক্ষীৰ কাষ চাপিছিল যদিও ন্যায় পোৱা নাই মহিলা গৰাকীয়ে। অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ন্যায় বিচাৰি কাতৰ অনুৰোধ ভুক্তভোগী মহিলা গৰাকীৰ।
জানিব পৰা মতে, জেউতি ডেকা নামৰ মহিলা গৰাকীয়ে ২০০৩ চনত সামাজিক ভাৱে বিবাহ পাশত আবদ্ধ হৈছিল কনক চন্দ্ৰ ডেকা নামৰ এজন যুৱকৰ লগত। পত্নী জেউতি ডেকাৰ অভিযোগ অনুসৰি, বিবাহৰ কিছুদিন পিছৰে পৰা কনক চন্দ্ৰ ডেকাই পত্নী জেউতি ডেকাক মাৰধৰ কৰাৰ লগতে মানসিক ভাৱেও অপদস্ত কৰি আহে। এনেকৈ তেওঁলোকৰ মাজত বাক বিতন্দ চলি থকা সময়তে কনক চন্দ্ৰ ডেকাই জেউতিৰ লগত আইনীভাৱে বিবাহ বিচ্ছেদ নকৰাকৈ আন এগৰাকী যুৱতীক বিয়া কৰাই।
তাৰ পিছতে জেউতি ডেকাই আৰক্ষী থানাত কেইবাৰো ন্যায় বিচাৰি এজাহাৰ দিয়ে যদিও কোনো সুফল লাভ নকৰাত আদালতৰ কাষ চাপে।কিন্তু আদালতত বিশেষ সঁহাৰি নাপায় জেউতি ডেকা। উপায়ন্তৰ হৈ অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰি কাতৰ অনুৰোধ কৰে ভুক্তভোগী মহিলা গৰাকীৰ।
লগতে পঢ়ক :Assam govt to provide bicycles to 3.23 lakh students : ৰাজ্যিক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত