Local, Vocal, Global

Watch | Mangaldai news: দুই মাহে সন্ধান নাই মঙ্গলদৈ হিৰাপাৰাৰ ববিতা বেগম নামৰ কিশোৰীৰ

মঙ্গলদৈ : দুই মাহে সন্ধান নাই মঙ্গলদৈ ধুলা উত্তৰ হিৰাপাৰাৰ ববিতা বেগম নামৰ ১৫ বছৰীয়া কিশোৰীৰ। দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ মাতৃৰ। কন্যাৰ সন্ধান বিছাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ ভাগৰি পৰিছে পিতৃ- মাতৃ আৰু একমাত্ৰ ভনী। দুমাহ পূৰ্বে ববিতা বেগম নামৰ ১৫ বছৰীয়া কিশোৰী গৰাকী স্কুল লৈ যাম বুলি ওলায় আহি স্কুলত নগৈ সন্ধানহীন হৈ আছে।

উল্লেখযোগ্য যে কিশোৰী গৰাকীয়ে কোনো অচিনাকী দুই যুৱকৰ লগত সঘনে মোবাইলত কথা পাতি থাকে বুলিও মন্তব্য কৰে মাতৃ মেৰিজা বেগমে। উক্ত যুৱক দুজনেই কিশোৰী গৰাকীক লৈ যোৱাৰ সন্দেহ মাতৃৰ। দুমাহে কোনো খবৰ নোপোৱাত উক্ত যুৱক দুজনে দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ সন্দেহ কৰিছে মাতৃয়ে। ধুলা আৰক্ষী থানাত এই বিষয়ে এজাহাৰ দাখিল কৰাৰ উপৰিও দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰটো কন্যাৰ সন্ধান উলিয়াই দিবলৈ কাতৰ অনুৰোধ মাতৃ মেৰীজা বেগমৰ।

লগতে পঢ়ক: Watch | Barpeta news: বৰপেটাৰ কুকাৰপাৰত মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰক আক্ৰমণ কম্পিউটাৰ শিক্ষকৰ