Local, Vocal, Global

Watch | Mangaldai news: RTI কৰি বিপদত মঙ্গলদৈ নগৰবাহীৰ এজন যুৱক

মঙ্গলদৈ: তথ্য জনা অধিকাৰ আইনৰ অধীনত তথ্য বিছাৰি আক্ৰমনৰ বলি এগৰাকী লোক। পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ তথ্য বিছৰাৰ বাবেই ঠিকাদাৰৰ আক্ৰমণৰ বলি হোৱাৰ অভিযোগ ৷ আনকি ব্যক্তি গৰাকীৰ পৰিয়ালৰ ওপৰতো আক্ৰমণৰ অভিযোগ ৷

মঙলদৈৰ নগৰবাহী মোল্লাপাৰাত এটি নিৰ্মাণৰত পথৰ তথ্য বিছাৰি অঞ্চলটোৰ চফি কামাল আহমেদ নামৰ লোক এজনে তথ্য জনাৰ অধিকাৰ আইনৰ অধিনত তথ্য বিছাৰি কৰিছিল আবেদন। কিন্তু বিভাগীয় ভাবে লোকজনে বিছৰামতে তথ্য যোগান নধৰাত পুনৰ আপীল আবেদন কৰাত লোকজনৰ ওপৰত খৰ্গহস্ত হৈ ইছমাইল আলি নামৰ ঠিকাদৰৰ নেতৃত্বত এটি দলে আক্ৰমণ কৰাৰ অভিযোগ তুলিছে। কামাল আহমেদৰ হাতত,মুৰত ৰদেৰে আঘাত কৰাৰ উপৰিও কামাল আহমেদৰ পত্নী ৰুমী বেগমক ৰদেৰে আক্ৰমণ কৰে। ৰুমী বেগম সম্প্ৰতি মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আক্ৰমণৰ বলি হোৱা কামাল আহমেদে মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক:Watch | Sivasagar shiv doll : শাওন মাহৰ প্ৰথম সোমবাৰৰ শিৱসাগৰ শিৱ দ’লত ভক্তৰ ভিৰ