Local, Vocal, Global

Mangaldai News: পূৰ্বে পত্নী থকা শিক্ষকে পলুৱাই নিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক

মঙলদৈ,১ফেব্ৰুৱাৰী : এইবাৰ শিক্ষকে সানিলে কালিমা।পূৰ্বে পত্নী থকা শিক্ষকে পলুৱাই নিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক। হিন্দু সম্প্ৰদায়ৰ শিক্ষকে পলুৱাই নিলে মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীক।

ঘটনা অনুসৰি, ৩০ জানুৱাৰীত মঙলদৈ নিকতৱৰ্তী আউলাচৌকা নৱজ্যোতি ছোৱালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক প্ৰাঞ্জল কুমাৰে নিজ বিদ্যালয় খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক পলুৱাই নিয়ে। ছাত্ৰী গৰাকীৰ পৰিয়ালে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি স্কুল চৌহদত ৰাইজ মেল পাতি প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকে(Mangaldai News)।

পৰিয়ালৰ লোকৰ দাবী ছোৱালী জনীক উদ্ধাৰ কৰাৰ লগতে দোষী শিক্ষক গৰাকীক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰক।

উল্লেখযোগ্য যে প্ৰাঞ্জল কুমাৰে ছমাহ আগত বিবাহ পাশত আৱদ্ধ হৈছিল অন্য এগৰাকী ছোৱালীৰ সৈতে। পত্নী থকাৰ পিছতো আকৌ নিজৰ ছাত্ৰীকেই পলুৱাই লৈ যোৱা ঘটনাক গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ দৰং জিলাৰ সভাপতিয়ে।

লগতে পঢ়ক :Mother-Daughter Go Missing En Route from Bongaigaon:বঙাইগাঁওলৈ আলহী খাবলৈ গৈ সন্ধানহীন মাতৃ-কন্যা