Mangaldai News:প্ৰসূতিৰ মৃত্যু;মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
মঙলদৈ,১০ডিচেম্বৰ : বিতৰ্কত মঙলদৈ অসামৰিক চিকিৎসালয়।মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰসূতিৰ মৃত্যুক লৈ উত্তেজনা।
ঘটনা অনুসৰি,মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰামহৰিৰ মিনু ডেকা নামৰ এগৰাকী প্ৰসূতিক নিশা ১০ বজাত ভৰ্তি কৰাইছিল।ভৰ্তি কৰোৱা মূহুৰ্তত নাছিল কোনো চিকিৎসক।
একমাত্ৰ নাৰ্ছে চিকিৎসা চলাইছিল প্ৰসূতি মহিলা গৰাকীক।কিন্তু কিছু সময়ৰ পিছত মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালে বাৰম্বাৰ চিকিৎসকক বিচাৰিছিল যদিও নিশা এবাৰো চিকিৎসকে মহিলা গৰাকীক চিকিৎসা প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপিত কৰিলে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে(Mangaldai civil hospital)।
প্ৰসূতি মাতৃ গৰাকীৰ ৰাতিপুৱা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসক উপস্থিত হয় আৰু চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি যি সময়ত প্ৰসূতি মাতৃ গৰাকী মৃত্যু হৈছিল সেইসময়ত চিকিৎসক উপস্থিত হৈছিল।চিকিৎসক আৰু নাৰ্চৰ গাফিলতিৰ বাবে প্ৰসূতি মাতৃৰ মৃত্যু হোৱাৰ অভিযোগ(Mangaldai News)।
ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক :Swahid Divas: আজি শ্বহীদ দিৱস;অসম আন্দোলনৰ প্ৰতিগৰাকী বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি