Local, Vocal, Global

Mangaldai bihu samiti allegation on gov : ধাৰ মাৰিবলৈ বিহু সমিতিৰ সম্পাদকে বিক্ৰী কৰিব পোহনীয়া গৰু

মঙলদৈ, ৩ জুলাই : বিপাঙত পৰিছে বিহু সমিতি । দৰং জিলাৰ ১১২ খন বিহু সমিতিয়ে আজিলৈ চৰকাৰৰ ঘোষিত ১.৫ লাখ টকা নোপোৱাত বিহু উদযাপন সমিতিৰ বিষয়ববীয়া সকল বিপাঙত পৰিছে(Mangaldai bihu samiti allegation on gov) । মাইক, লাইট, পেণ্ডেল, গেলামাল দোকানী আদিয়ে ধন বিচাৰি সমিতিৰ বিষয়ববীয়া সকলৰ ঘৰে ঘৰে ঘুৰি ফুৰিবলৈ বাধ্য হৈছে । অৱশেষত পত্নীয়ে গৰু বিক্ৰী কৰি ধাৰ মাৰিবলৈ দিলে পৰামৰ্শ ।

১১০০০ বিহুৱা বিহুৱতীক ২৫ হাজাৰকৈ টকা দিয়া চৰকাৰে দৰঙৰ ১১২ খন বিহু সমিতিক ধন দিয়াত ব্যৰ্থ হৈছে(Mangaldai bihu samiti allegation on gov) । ধাৰ মাৰিবলৈ সম্পাদকে বিক্ৰী কৰিব লগীয়া হৈছে পোহনীয়া গৰু।

বহাগ মাহ কেতিয়াবাই পাৰ হ’ল। তথাপিও দৰং জিলাৰ ১১২ খন বিহু সমিতিয়ে আজিলৈ চৰকাৰৰ ঘোষিত ১.৫ লাখ টকা নাপালে যাৰ বাবে নিজৰ পোহনীয়া গৰু বিক্ৰী কৰিবলৈ সাজু বিহু সমিতি সকল ।

কিছুমানে সমিতিৰ বিষয়ববীয়াক গুৱালগালিও দিছে যদিও বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই সেই গালি, গঞ্জনা মূৰপাতি লৈ কেইদিনমান ৰ’বলৈ কাকূতি মিনতি কৰিবলগীয়াত পৰিছে। জানিব পৰা মতে, দৰং জিলাৰ ১৩০ খন বিহু সমিতিৰ ভিতৰত ১৮ খন বিহু সমিতিক দৰং জিলা প্ৰশাসনে কোনো ধৰণৰ ধনৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ নোলোৱাকৈ ডেৰ লাখকৈ টকা ব’হাগৰ আৰম্ভণিতে প্ৰদান কৰাত ধন পাবলৈ ৰৈ গৈছিল ১১২ খন বিহু উদযাপন সমিতি।

এই সমিতি কেইখনে ধন পাব পাব বুলি আশাত ঋণ লৈ বিহু উদযাপন কৰিলে যদিও আজিলৈ ফুটাকড়ি এটাও নাপালে। অথচ বিহু উদযাপন কৰি তেওঁলোকে ফটো, ব্যৱহাৰিক প্ৰমাণ পত্ৰ জিলা প্ৰশাসনক জমা দিছে । চৰকাৰৰ ঘোষিত ডেৰ লাখ টকা বিচাৰি এই সমিতি সমূহে উপায়ুক্ত, মুখ্যমন্ত্ৰী, বিধায়ক, সাংসদ আদিক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে যদিও আজিলৈ ধন নোপোৱাত দুঃচিন্তাত পৰিছে বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকল ।

মঙলদৈ বিধান সভা সমষ্টিৰ বৰথেকেৰাবাৰী নৱজ্যোতি সংঘৰ উদ্যোগত যোৱা ৩০ চ’ত, ১, ৭ আৰু ৮ ব’হাগত অনুষ্ঠিত ৫৪ সংখ্যক ৰঙিলী বিহু উদযাপন সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াই ক্ষোভেৰে কয় যে, বিহু পাতিবলৈ চৰকাৰে ডেৰ লাখ টকাকৈ দিব বুলি কোৱাৰ লগতে দান বৰঙণি সংগ্ৰহত বাধা আৰোপ কৰাত আমি ৰাইজৰ পৰা দান বৰঙণি নলৈ বিহু পাতিলো। বৰথেকেৰাবাৰী শংকৰদেৱ হাইস্কুল খেলপথাৰত চাৰিদিনীয়াকৈ পতা এই বিহুত খৰচ হৈছিল ১,৭৫,৫৬২ টকা।

চৰকাৰৰ ডেৰ লাখ টকাৰ ওপৰিঞ্চি খৰছ হোৱা ধনখিনি সমিতিৰ বিষয়ববীয়াই বহন কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু আজিলৈ চৰকাৰৰ ধন নোপোৱাত বিপাঙত পৰিছে সমিতিখন । নিতৌ ধন বিচাৰি বিশেষকৈ সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াৰ ঘৰলৈ লাইট, টেণ্ট, চাউণ্ড, গেলামালৰ দোকানী আদি আহিবলৈ ধৰাত উপায়ন্তৰ হৈ তেওঁ পোহনীয়া গৰু বিক্ৰী কৰি ধাৰ মাৰিবলৈ সংকল্প লোৱাৰ কথা উল্লেখ কৰিছে ।

লগতে পঢ়ক : MLA Atul Bora Letter to CM Sharma : ২৫ হাজাৰ বিহুৱা-বিহুৱীতিৰে বিহু প্ৰদৰ্শনৰ বিৰোধিতা বিজেপি বিধায়ক অতুল বৰাৰ