Watch | Mangaldai Accident : মঙ্গলদৈ মেনাপাৰাৰ স্বামী-স্ত্ৰী গুৱাহাটীৰ ক্ষেত্ৰীত দুৰ্ঘটনাত পতিত হৈ মৃত্যু
মঙ্গলদৈ : মঙ্গলদৈ মেনাপাৰাৰ স্বামী-স্ত্ৰী গুৱাহাটীৰ ক্ষেত্ৰীত দুৰ্ঘটনাত পতিত হৈ মৃত্যু। যোৱা শনিবাৰে মঙ্গলদৈৰ মেনাপাৰাৰ নিজ গৃহলৈ আহিছিল পৰিয়ালটি। দেওবাৰে ছিপাঝাৰৰ অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা দি নিশা শহুৰৰ ঘৰত থাকে আৰু আজি পুৱতি নিশা প্ৰায় ৩/৩০ মান বজাত শহুৰৰ ঘৰ পতিদৰংৰ পৰা ৰহালৈ যাত্ৰা কৰিছিল দম্পতী আৰু জী।
নিজ কন্যা কৃপালিনী গাৰ্গৰ পুৱাৰ স্কুলৰ বাবেই পুৱতি নিশাই ৰহালৈ গৈছিল । যাত্ৰাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ মাজৰ প্ৰকাণ্ড গছত খুন্দা ৰহা অভিমুখী মাৰুতি S-Crossৰ আৰু গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু পত্নী অৰ্চনা দেৱী থিতাতে নিহত হয়। গুৰুতৰভাৱে আহত বাহন খনত থকা কিশোৰী কন্যা। মঙ্গলদৈৰ নিজৰ বাসগৃহত বৰ্তমান শোকাকুল পৰিবেশে বিৰাজ কৰিছে।
লগতে পঢ়ক: Watch | Barpeta news : তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী সহ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ