Local, Vocal, Global

Man tragically slain by Son in Guwahati : পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

নিউজ ডেস্ক, ৪ মাৰ্চ : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ( Father Slain by Son in Shocking Guwahati Incident) । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে পিতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল মহানগৰী ।নিজ পিতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ।

মহানগৰীৰ পানীখাইতিত মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। পুত্ৰ প্ৰন্তুছ দাসে পিতৃ দয়া ভত্তাক চাবুকৰে কবাই নিৰ্মমভাৱে হত্যা কৰে।

জানিব পৰা মতে, মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো।দেওবাৰে নিশা পানীখাইতি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই হত্যাকাণ্ড। অত্যধিক সুৰাপান কৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, দেওবাৰে নিশা পিতৃ দয়া ভত্তাই অত্যধিক সুৰাপান কৰি পত্নী আৰু পুত্ৰক সুৰাৰ ৰাগীত মাৰপিট কৰিছিল। ইয়াতে ক্ষুণ্ণ হৈ সুৰাৰ ৰাগীত মাতাল হৈ থকা পিতৃ আৰু পুত্ৰৰ মাজত হতাহতি হয়। এটা সময়ত পুত্ৰই এডাল চাবুকেৰে পিতৃক প্ৰহাৰ কৰে ফলত পিতৃ দয়া ভত্তা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হয়। ইতিমধ্যে ঘটনাস্থলীত পানীখাইতি আৰক্ষী উপস্থিত হৈ পুত্ৰ প্ৰন্তোস দাসক গ্ৰেপ্তাৰ কৰিছে( Man tragically slain by Son in Guwahati ) ।

লগতে পঢ়ক : Former Education Minister ramani barman passes away : প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান; ৮৭ বছৰ বয়সত নলবাৰীত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকী