Man Suspected of Killing : ভয়ংকৰ গুলীচালনাৰ ঘটনা; শিশুকে ধৰি নিহত পাঁচজনকৈ লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : ভয়ংকৰ গুলীচালনাৰ ঘটনা । শিশুকে ধৰি নিহত চাৰিজনকৈ লোক ।আহত ১৫ বছৰীয়া কিশোৰী(Man Suspected of Killing ) ।
আমেৰিকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । আমেৰিকাৰ ডালাছ চহৰৰ এটা ঘৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷
জানিব পৰা মতে, ঘৰটোত হোৱা গুলীচালনাৰ ফলত এটি এবছৰীয়া শিশুকে ধৰি চাৰিজন লোক নিহত হয় লগতে গুলীচালনাৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী আহত হয় ।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দেওবাৰৰ বিয়লি চহৰখনৰ দক্ষিণ-পূব অঞ্চলত সংঘটিত হয় গুলীচালনাৰ ঘটনাটো ।লগতে পাঁচজন লোকক গুলীয়াই হত্যা কৰা বুলি জানিব দিয়ে আৰক্ষীয়ে ।
উল্লেখ্য যে, এই গুলীচালনা ইমানে ভয়ংকৰ আছিল যে গুলীচালনাৰ ফলত থিতাতে তিনিজন প্ৰাপ্তবয়স্কৰ মৃত্যু হয় । লগতে ১ বছৰীয়া শিশু আৰু ১৫ বছৰীয়া এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়, যদিও এবছৰীয়া শিশুটিৰ চিকিৎসালয়ত মৃত্যু ঘটে আৰু কিশোৰজনীৰ অৱস্থা বৰ্তমানে সুস্থিৰ বুলি জানিব দিয়ে(Man suspected of killing 4, including a 1-year-old, at a Dallas home kills self during police chase) ।
ইফালে দেওবাৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো এজন সন্দেহযুক্ত লোককে জিম্মাত লোৱা নাই বুলি জনায়, যদিও সেয়া এক বিচ্ছিন্নতাবাদী গোটৰ কাণ্ড বুলি প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে ৷ সোমবাৰৰ পুৱা পৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই(Man suspected of killing 4, including a 1-year-old, at a Dallas home kills self during police chase) ।
আনহাতে ডালাছ কাউন্টি চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে নিহতসকলৰ নাম প্ৰকাশ কৰিছে ৷ নিহত লোকসকল ক্ৰমে – লগান ডি লা ক্ৰুজ (১); ভেনেছা ডি লা (২০) ; কাৰিনা লোপেজ (৩৩) আৰু জোচে লোপেজ (৫০) ।
লগতে পঢ়ক : Cyclone Michaung: ঘূৰ্ণীবতাহ মিচাউঙৰ সংহাৰী ৰূপ;হাই এলাৰ্ট জাৰি