Local, Vocal, Global

Man Surrenders After Killing Girlfriend In Rangia : নৈৰ পাৰত প্ৰেমিকাক নৃশংসভাৱে হত্যা প্ৰেমিকৰ;তাৰ পিছত আত্মসমৰ্পণ প্ৰেমিকৰ

নিউজ ডেস্ক,১৮মে’ : মাজনিশা নোনা নৈৰ পাৰত প্ৰেমিকাক নৃশংসভাৱে হত্যা প্ৰেমিকৰ। প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ।

ৰঙিয়াৰ নিকটৱৰ্তী তুলসীবাৰীত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা( Man Surrenders After Killing Girlfriend In Rangia)।

প্ৰাপ্ত তথ্য অনুসৰি তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবাৰীৰ মাহতলিৰ নিবাসী তথা প্ৰেমিক তফিকুল আলীয়ে ইচ্ছাপুৰৰ নিবাসী তথা প্ৰেমিকা চনিয়াৰা বেগম (মাজনী)ক অতি মাজনিশা অতি নৃশংসভাৱে নোনা নৈৰ মথাউৰিৰ ওপৰত হত্যা কৰি নৈৰ গাতত পেলাই দিয়ে মৃতদেহ। তাৰ পাছতে তাৰ পিছতে তুলসীবাৰী আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী তফিকুল আলীয়ে।

জানিব পৰা মতে, দুইগৰাকী প্ৰেমিক-প্ৰেমিকা অতিশীঘ্ৰে বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল। এবছৰৰ পূৰ্বে দুয়োটা পৰিয়ালৰ মাজত আলোচনা হৈছিল দুয়োৰে বিয়াৰ কথা। কিন্তু শুকুৰবাৰে নিশা প্ৰেমিকাক পলুৱাই লৈ গৈছিল প্ৰেমিক তফিকুলে। কিন্তু পলায়ন কৰি থকাৰ মুহূৰ্ততে মন সলনি হৈছিল যুৱতীগৰাকীৰ। সেইসময়তে পৰিয়ালক এৰি নোযোৱাৰ কথা কৈছিল যুৱতীগৰাকীয়ে। যাৰ পৰিপ্ৰেক্ষিতত দুয়োজনৰ মাজত হৈছিল কথাৰ কটাকটি আৰু খঙত অগ্নিশৰ্মা হৈ প্ৰেমিক তফিকুলে জপিয়াই পৰিছিল প্ৰেমিকাৰ ওপৰত। যাৰ পৰিণতিত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড( Man Surrenders After Killing Girlfriend In Rangia)।

এই জঘণ্যকাণ্ড সংঘটিত কৰিয়েই হত্যাকাৰী তফিকুল আলীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিল ৰঙিয়া আৰক্ষী থানা। শতাধিক লোকে হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে উত্তপ্ত কৰি তোলে থানা চৌহদ। আনকি আৰক্ষীৰ সৈতে একাংশ ৰাইজৰ হতাহতিও হয়।

ইফালে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত ঘটনাস্থলীলৈ লৈ যায় হত্যাকাৰী তফিকুলক। আৰক্ষীয়ে কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ সমীপৰ পৰা চানিয়াৰা বেগমৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মথাউৰিৰ এটা পাৰৰ পৰা যুৱতীগৰাকীৰ এটা ৰঙা ৰঙৰ বেগৰ লগতে , মথাউৰিৰ ওপৰত উদ্ধাৰ কৰে যুৱতী গৰাকীৰ চেন্দেল। মথাউৰিৰ ওপৰৰ পৰা নৈৰ তললৈ চোচোৰাই নিয়াৰ চিহ্ন স্পষ্ট হৈ থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে।

ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। হত্যাকাৰী তফিকুলক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক : Poor Road Condition : চৰকাৰ, জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাইজে নিজেই নিৰ্মাণ কৰি উলিয়ালে পথ