Man stabs girl in Delhi’s Mukherjee Nagar area :দিন-দুপৰতে ছুৰিকাঘাত যুৱতীক; ছুৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱতী

নেশ্যনেল ডেস্ক,২৪মাৰ্চ : দিন-দুপৰতে ছুৰিকাঘাত যুৱতীক । ছুৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱতী(Man stabs girl in Delhi’s Mukherjee Nagar area)।
দিল্লীৰ মুখাৰ্জী নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
দিল্লীৰ মুখাৰ্জী নগৰত এগৰাকী মহিলাক ছুৰীৰে আক্ৰমণ কৰা দৃশ্য চিচিটিভি বন্দী হৈছে (Delhi Crime Man Stabs Woman Multiple Times For Making Fun Of Him In Mukherjee Nagar)।
জানিব পৰা মতে, ২২ মাৰ্চত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । এই ভয়ংকৰ ঘটনা দৃশ্য ভাইৰেল’ হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰে অভিযুক্তজন । আটক কৰা লোকজন আমান বুলি চিনাক্ত কৰা হৈছে।
ভাইৰেল’ হোৱা দৃশ্য অনুসৰি, ভুক্তভোগী যুৱতীগৰাকী মুখাৰ্জী নগৰৰ এখন পুথিভঁৰালত পঢ়িবলৈ আহিছিল।সেই সময়তে অভিযুক্তজনে যুৱতীগৰাকীৰ ফালে দৌৰি গৈ মাটিত ঠেলি দিয়ে আৰু ছুৰীৰে আক্ৰমণ কৰে।যুৱতীগৰাকীৰ ছুৰীৰে আক্ৰমণ কৰিছে যদিও যুৱতী গৰাকী সামান্য আঘাতপ্ৰাপ্ত হয়(Delhi man repeatedly stabs girl for ‘making fun of him’, caught on CCTV)।
ইফালে অভিযুক্ত জনে আৰক্ষীক জনোৱা অনুসৰি যুৱতী গৰাকীয়ে তেওঁক ঠাট্টা কৰিছিল, যাৰ বাবে তেওঁ ওচৰৰ শাক-পাচলি বিক্ৰেতাৰ পৰা দা এখন লৈ যুৱতীগৰাকীক আক্ৰমণ কৰে।