Local, Vocal, Global

Man sentenced to 20years in jail for sexual assaulted of minor girl : নাবালিকাক বলপূর্বকভাৱে ধৰ্ষণ কৰাৰ অপৰাধত ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : এগৰাকী সাত বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা গোচৰৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কাছাৰ আদালতৰ।

নাবালিকাক ফুচলাই নি বলপূর্বকভাৱে ধৰ্ষণ কৰাৰ অপৰাধত ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে কাছাৰৰ বিশেষ ন্যায়াধীশ (পস্কো) নাৰায়ণ কুৰীৰ আদালতে। অভিযুক্ত বিপুল সৰকাৰৰ ঘৰ শিলচৰৰ নতুন কাঞ্চনপুৰত।

উল্লেখ্য যে, ২০১৯ চনৰ ২৭ আগষ্টৰ নিশা শিলচৰ নেচনেল হাইৱে এলেকাৰ এটা ভাৰাঘৰত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা । শিশু কন্যাৰ পৰিয়াল থকা ভাৰাঘৰৰ কাষতে এটি পৰিয়ালৰ ঘৰত ঘৰ নিৰ্মাণৰ বাবে সিদিনা নিশা ঢালাইৰ কাম চলিছিল। টেন্ট হাউচত কৰ্মৰত বিপুলে লাইটৰ ব্যৱস্থা কৰিবলৈ গৈছিল সেই ঘৰটোলৈ(Man sentenced to 20years in jail for sexual assaulted of minor girl)।

এনে সময়তে কাষৰ ভাড়াঘৰত শিশু কন্যাটিক দেখি তেওঁৰ পাশৱিক কামনাৰ বলি হৈছিল শিশুটি। টকা আৰু চকলেট দিয়াৰ লোভ দেখুৱাই শিশু কন্যাটিক ওচৰৰ এক অন্ধকাৰ স্থানলৈ লৈ গৈ এই জঘন্য কাণ্ড সংঘটিত কৰিছিল লম্পট যুৱকজনে।

ৰক্তাক্ত অৱস্থাত ঘটনাস্থলীত শিশুটিক পেলাই থৈ তাৰপৰা পলায়ন কৰিছিল লম্পটজনে। পিছদিনা শিশুটিৰ পৰিয়ালে শিলচৰ সদৰ থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাইছিল।

ইয়াৰ পাছত আৰক্ষীৰ তদন্তৰ শেষত আদালতত বিচাৰ চলিছিল। অৱশেষত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিচত বিপুল‌‌ সৰকাৰক দোষী সাৱস্ত কৰি বৃহস্পতিবাৰে ২০ বছৰৰ কাৰাদণ্ড ৰায় ঘোষণা কৰে আদালতে।

লগতে পঢ়ক : Firing in Guwahati’s Busy AT Road :গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা