Local, Vocal, Global

Man Missing After Leaping into Gaurang River: গৌৰাং নৈত জাপ দি সন্ধানহীন এজন যুৱক

বিলাসীপাৰা,৮অক্টোবৰ : বিলাসীপাৰাত অঘটন। গৌৰাং নৈত জাপ দি সন্ধানহীন এজন যুৱক।

মঙলবাৰে দিনৰ ভাগত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰাং নৈৰ দলঙৰ ওপৰৰ পৰা জাপ দিয়ে যুৱকজনে। সন্ধানহীন যুৱকজন বিলাসীপাৰা চহৰৰ ৩ নম্বৰ ওৱাডৰ মনজিৎ দে বুলি জানিব পৰা গৈছে।
মনজিৎ দে বিলাসীপাৰা এজন প্ৰতিষ্ঠিত ব্যৱসায়ীক আছিল(Man Missing After Leaping into Gaurang River)।

বুধবাৰে পুৱাৰে পৰা সন্ধানহীন যুৱক জনক বিচাৰি নৈ খনত বিলাসীপাৰা আৰক্ষী দলৰ লগতে SDRF ৰ বাহিনীৰ দলে অভিযান আৰম্ভ কৰে যদিও বৰ্তমানেও কোনো সন্ধন পোৱা নাই নিৰুদ্দেশ যুৱকজনৰ ।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিলাসীপাৰা অঞ্চলত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক :Traffic Police Issues Special Guidelines For Durga Puja : দুৰ্গোৎসৱ উপলক্ষে মহানগৰীত যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে বিশেষ নিৰ্দেশনা