Man Elephant conflict in Doom Dooma : পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ
নিউজ ডেস্ক, ২০ নৱেম্বৰ : পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ । নিজ খেতি ডৰাৰ পোহৰা দিবলৈ গৈ বন্য়হস্তীৰ আক্ৰমণত মৃত্যু এজনৰ(Man killed in Wild Elephant attack in Doom Dooma) ।
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant Menace in Doom Dooma )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Wild Elephant Menace Continues in Doom Dooma) ।
এইবাৰ কাকজানৰ নাহৰজানত হাতী মানুহৰ সংঘাত ( Man Elephant conflict in Doom Dooma)। কাকজানৰ নাহৰজানত বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী । সোমবাৰে পুৱাৰ ভাগত বন্যহস্তীৰ আক্রমণ এজন লোকক। বন্যহস্তীৰ আক্রমণত নিহত যুৱক । জানিব পৰা মতে, সোমবাৰে হাতী খেদিবলৈ যাওতে সংঘটিত এই ঘটনাটো।
উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে উপদ্ৰৱ চলাই কাকজানৰ নাহৰজানত ৷বন্যহস্তীয়ে উপদ্ৰৱত ডুমডুমাৰ কাকজান নাহৰজানত এজন লোকৰ মৃত্যু হয় । নিহত লোকজন অমিত তাঁতী বুলি জানিব পৰা গৈছে ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ডিগবৈ সংৰক্ষিত বনাঞ্চলৰপৰা ওলাই অহা বন্যহস্তীয়ে অনিষ্ট কৰি আহিছে শালি ধানৰ খেতি ৷ সেয়ে আজি পুৱাৰ ভাগত বন্যহস্তী খেদিবলৈ যাওঁতে বন্যহস্তীৰ আক্ৰমণত অমিত তাঁতী নামৰ লোকজনৰ মৃত্যু হ’ল ৷ আনহাতে অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ইফালে বন্যহস্তীৰ আক্ৰমণত নিহত লোকজনৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন কৰিছে ৰাইজে ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant Conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।