Local, Vocal, Global

Man killed in Rhino attack in Majuli : মাজুলীৰ ভকত চাপৰিৰ ১ নং পদুমণিত গঁড়ৰ সন্ত্ৰাস;গঁড়ৰ আক্ৰমণত নিহত এজন

নিউজ ডেস্ক,২০ ফেব্ৰুৱাৰী : দীৰ্ঘদিনৰ পৰা হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ একাংশ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino menace in Majuli )।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী।

মাজুলী গঁড়ৰ সন্ত্ৰাস ।এইবাৰ মাজুলীৰ ভকত চাপৰিৰ ১ নং পদুমণিত গঁড়ৰ মুক্ত বিচৰণ । মঙলবাৰে পদুমণিত গঁড়ৰ আক্ৰমণত নিহত হয় ৬০ বছৰীয়া বৃদ্ধ গৰাকী । নিহত লোকজনৰ নাম পদ্ম ভেৰুৱা(Man killed in Rhino attack in Majuli) ৷

জানিব পৰা মতে, ঘৰৰ চোতালতে গঁড়টোৱে আক্ৰমণ কৰে লোকজন ।

লগতে পঢ়ক : Houthis damage British cargo ship in new attack: আমেৰিকাৰ এম কিউ-9 ড্ৰ’নক আক্ৰমণ হুথি বিদ্ৰোহী গোটৰ