Local, Vocal, Global

Man killed in Rhino attack : জামুগুৰিহাটত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

নিউজ ডেস্ক,৮এপ্ৰিল : এইবাৰ গড়ৰ আক্ৰমণত মৃত্য়ু এজনৰ ।

জামুগুৰিহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । জামুগুৰিহাটত পুৱাই কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত নিহত হয় এজন লোক।

জানিব পৰা মতে, জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ ৪ নং চিৰুৱানীত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা গঁড়ে অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল। তাৰ পিছতে এজন লোকক আক্ৰমণ কৰে । গড়ৰ আক্ৰমণত নিহত হয় আফাজুল হক নামৰ ২৩ বছৰীয়া যুৱকজনক(Man killed in Rhino attack)।

এতিয়াও গঁড়টোৱে জামুগুৰিহাটত মুক্ত বিচৰণ কৰি আছে। স্থানীয় লোকৰ বন বিভাগলৈ আহ্বান শীঘ্ৰেই গঁড়টোক বনাঞ্চললৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে।

লগতে পঢ়ক : Massive Fire Breaks Out at Dudhnoi : বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত ৪টাকৈ বাসগৃহ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী