Local, Vocal, Global

Man jumps off 4th floor Bengaluru cafe to escape blaze : নিজকে জুইৰ পৰা ৰক্ষা কৰিবলৈ ৪মহলীয়া অট্টালিকাৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে

নেশ্যনেল ডেস্ক, ১৯অক্টোবৰ : ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা জাপ দিলে ব্যক্তিয়ে ।

কৰ্ণাটকত সংঘটিত হৈছে এই ঘটনা । কৰ্ণাটকৰ অভিজাত কোৰামংগলা অঞ্চলৰ এটা বহুমহলা অট্টালিকাৰ ছাদৰ পৰা নিজকে জুইৰ পৰা ৰক্ষা কৰিবলৈ জঁপিয়ালে এজন ব্যক্তিয়ে(Man jumps off 4th floor Bengaluru cafe to escape blaze) ।

ঘটনাৰ অনুসৰি, কৰ্ণাটকত অভিজাত কোৰামংগলা অঞ্চলৰ এটা বহুমহলা অট্টালিকাৰ অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, বুধবাৰে প্ৰায় ১১.৪৫ বজাত এটা চাৰিমহলীয়া অট্টালিকাটোৰ ওপৰৰ মহলাত থকা ‘হুক্কা বাৰ এণ্ড কেফে’ত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ ৰেষ্টোৰাখনৰ চিলিণ্ডাৰসমূহ ওপৰৰ মহলাত ৰাখিছিল আৰু তাৰে এটা চিলিণ্ডাৰৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়(Fire breaks out in Mudpipe cafe in Koramangala man jumps from 4th floor) ।

এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিলে যে কেই ছেকেণ্ডমানৰ ভিতৰতে চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু গোটেই অট্টালিকাটোত জুই বিয়পি পৰে।

খবৰ অনুসৰি, অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰিছিল ওচৰৰ লোকে আৰু লগে লগে জৰুৰীকালীন এলাৰ্ম বজাই আৰু অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সম্পৰ্কে খবৰ দিয়ে ৷

উল্লেখ্য যে, এই অগ্নিকাণ্ডৰ সময়ত ওপৰৰ মহলাত আৱদ্ধ হৈ আছিল এজন ব্যক্তি। আৱদ্ধ হৈ থকা ব্যক্তিজনে নিজৰ প্ৰাণ বচাবলৈ অট্টালিকাৰ ছাদৰ পৰা জঁপিয়াই দিয়ে ৷ এই ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় হুলস্থলীয়া পৰিৱেশৰ আৰু ব্যক্তিজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসায়ল লৈ যোৱা হয় ৷ বৰ্তমান, লোকজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে(Bengaluru Man Jumps From 4th Floor Of Koramangala Building After Fire Breaks Out)।

এই ভয়ংকৰ ঘটনাৰ ফলত আন দুজন লোক সামান্য আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত লোকদুজনক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

এই ঘটনাৰ সম্পৰ্কে অগ্নি নিৰ্বাপক বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি, আঠখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ ফলত কেফেখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কাল্ট ফিট নামৰ জীমটোও ব্যাপকৰূপত ক্ষতিগ্ৰস্ত হৈছিল। বিস্ফোৰণৰ পিছত, চিলিণ্ডাৰৰ কিছুটুকুৰা উফৰি আহি তলত বাগৰি পৰাত তলৰ মহলাত ৰখাই থোৱা কিছু বাইক আৰু গাড়ীও ক্ষতিগ্ৰস্ত হয়।

আৰক্ষীয়ে ইতিমধ্যে মুডপাইপ কেফেৰগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক : Zoo Road Flyover: আজি মুকলি হ’ব মহানগৰীৰ আন এখন উৰণ সেতু