ডেবিট কাৰ্ড চুৰি কাৰ্যৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১১ মাৰ্চ : মহানগৰীত এটিএম কাৰ্ড চুৰি কাৰ্যৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰে মহানগৰীৰ আৰক্ষীয়ে । ডেবিট কাৰ্ড চুৰি কাৰ্যৰ লগত জড়িত অভিযুক্তজনৰ নাম ৰামদিয়া। ৰামদিয়া হাৰিয়ানাৰ হিছাৰ চহৰৰ বাসিন্দা।
আনহাতে, ৰামদিয়াক মহানগৰীৰ ছয় মাইলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে আৰু এই বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিব দিছপুৰ আৰক্ষীয়ে। আৰক্ষী বিষয়াসকলে ৰামদিয়াৰ পৰা বিভিন্ন বেংকৰ মুঠ ১৭ খন এটিএম কাৰ্ড উদ্ধাৰ কৰে। সেযেহে বিষয়টোৰ ওপৰত অধিক তদন্ত চলাইছে আৰক্ষীয়ে ।

বাতৰি অনুসৰি, গুৱাহাটী আৰক্ষীয়ে জনোৱা মতে, “দিছপুৰ পিএছৰ এটা ইজিপিডি দলে হাৰিয়ানাৰ হিছাৰৰ এইজন অভিযুক্তক ছয় মাইলত এটিএম কাৰ্ড চুৰি কৰি নিয়াৰ বাবে গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ দখলৰ পৰা বিভিন্ন বেংকৰ মুঠ ১৭ খন এটিএম কাৰ্ড উদ্ধাৰ কৰে । বৰ্তমান ও তদন্ত অব্যাহত আছে। “