Local, Vocal, Global

Man In Police Custody Commits Suicide : আৰক্ষীৰ জিম্মাত থকা আচামীৰ ৰহস্যজনক আত্মহত্যা

নিউজ ডেস্ক,২৬মাৰ্চ : ৰাজ্যত অপৰাধ নিৰ্মূলৰ বাবে কঠোৰ পদক্ষেপ লৈছে অসম আৰক্ষীয়ে । বিগত বছৰত অপৰাধীৰ বিৰুদ্ধে কেইবাটাও এনকাউণ্টাৰ চলাইছে অসম আৰক্ষীয়ে । আৰক্ষীৰ গুলীত নিহত হোৱাৰ লগতে আহত হৈছে বহু অপৰাধী । ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ এনে এনকাউণ্টাৰ চলি থকাৰ মাজতে জখলাবন্ধা থানাত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Jakhalabandha)।

আৰক্ষীৰ জিম্মাত থকা আচামীৰ ৰহস্যজনক আত্মহত্যা । জখলাবন্ধা থানাত সংঘটিত হৈছে এই চাঞ্চল্য ঘটনাটো । জখলাবন্ধা থানাৰ লকআপত আচামীৰ চাঞ্চল্যকৰ আত্মহত্যা ।

লকআপৰ ভিতৰত কম্বলেৰে চীপ লৈ আত্মহত্যা আচামী । আত্মহত্য়া কৰা লোকজন ৰাজু নাথ বুলি জানিব পৰা গৈছে ।আত্মহত্যাকাৰী ৰাজু নাথৰ ঘৰ গুৱাহাটীৰ পাণ্ডুত ।

জানিব পৰা মতে, চিমেন্টভৰ্তি ট্ৰাক চালকক হত্যা কৰি বাহন হাইজেকৰ অপৰাধত ধৰিছিল আৰক্ষীয়ে(Man In Police Custody Commits Suicide) ।

শুক্ৰবাৰ জখলাবন্ধা আৰক্ষীয়ে NL 01 AA 6213 মেঘালয়ৰ পৰা ছামগুৰিলৈ বুলি আনি থকা চিমেন্ট ভৰ্তি ট্ৰাকৰ চালকক হত্যা কৰি বাহনখন হাইজেক কৰিছিল আটক ৰাজু নাথে ।এদিন পৰ্বে সমগ্ৰ ঘটনা নিজে কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰি মঙলবাৰে পুৱাৰ ভাগত লকআপত কম্বলৰে চিপ লৈ আত্মহত্যা কৰে ৰাজু নাথে।

লগতে পঢ়ক : Massive Fire Breaks Out at Dhekiajuli: বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বিপনী