Man goes Missing :কামলৈ ওলাই গৈ সন্ধানহীন বিলাসীপাৰাৰ নাছিৰ উদ্দিন
বিলাসীপাৰা,২৮জানুৱাৰী : বিলাসীপাৰাত নিৰুদ্দেশৰ ঘটনা। চিৰাকুটাৰ টোকৰাবান্ধা গাঁৱৰ নাছিৰ উদ্দিন নামৰ ব্যক্তিজন সন্ধানহীন। যোৱা দুদিনৰ পৰা সন্ধানহীন হৈ আছে নাছিৰ উদ্দিন নামৰ ব্যক্তিজন। AS17M 6860 নম্বৰৰ বাইকলৈ ঘৰৰ পৰা ভাটাত কাম কৰিবলৈ ওলাই যোৱাৰ পিছতেই সন্ধানহীন হৈ পৰে ব্যক্তিজন(Man goes Missing)।
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ চুনাৰীৰ নায়ক ইটা উদ্যোগত কৰ্মৰত আছিল চিৰাকুটাৰ টোকৰাবান্ধা গাঁৱৰ নাছিৰ উদ্দিন। নাছিৰ উদ্দিন নামৰ ব্যক্তিজন সন্ধানহীন হৈ পৰাৰ ঘটনাই সমগ্ৰ টোকৰাবান্ধা গাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ ব্যক্তিজনৰ সন্ধান পালে 6001460344 বা 8638013916 নম্বৰত যোগাযোগ কৰিবলৈ নতুবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ ভুক্তভোগী পৰিয়ালটোৱে অনুৰোধ জনাইছে।
লগতে পঢ়ক :Tragic Incident in Hojai: তীব্ৰবেগী ডাম্পাৰৰ লগত বাইকৰ মুখামুখি সংঘৰ্ষ;নিহত বাইক আৰোহী