Local, Vocal, Global

Man goes Missing :জাগীৰোড আমলিঘাটৰ ভাই ভাই দুগ্ধ সমবায় সমিতিৰ সম্পাদক নিৰুদ্দেশ

জাগীৰোড,১৪ডিচেম্বৰ: জাগীৰোড আমলিঘাটৰ ভাই ভাই দুগ্ধ সমবায় সমিতিৰ সম্পাদক নিৰুদ্দেশ।৯ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে দিনেশ অধিকাৰী নামৰ লোকজন।

আজিও সন্ধান নাই জাগীৰোডৰ আমলিঘাটৰ পৰা নিৰুদ্দেশ হোৱা দিনেশ অধিকাৰী নামৰ লোকজনৰ ৷ বিগত ৯ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৫৪ বছৰীয়া লোকজন ৷বন্ধ হৈ আছে লোকজনৰ মোবাইল ফোন ৷ আনহাতে লোকজনৰ মটৰ চাইকেলখন উদ্ধাৰ হৈছে আমলিঘাটৰ এটা মথাউৰিত(Man goes Missing)৷

বহু বিচাৰ-খোচাৰ কৰিও পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাই লোকজনৰ ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ যদি কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সন্ধান পায় তেনেহলে 6901819581 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

লগতে পঢ়ক :Elephant menace in Jamugurihat:জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ জাকে তহিলং কৰিছে খেতি