Local, Vocal, Global

Man goes Missing : গৰু গৰু চৰাবলৈ গৈ সন্ধানহীন ছিপাঝাৰৰ গোলোক ডেকা

ছিপাঝাৰ,১৫অক্টোবৰ : ছিপাঝাৰত নিৰুদ্দেশৰ ঘটনা । গৰু গৰু চৰাবলৈ গৈ সন্ধানহীন এজন লোক । ছিপাঝাৰৰ কিৰিংবৰিত সংঘটিত হৈছে এই অঘটনটো।

জানিব পৰা মতে, কিৰিংবৰিৰ ননৈ নদী পাৰ হৈ চাপৰিত গৰু চৰাবলৈ গৈছিল লোকজন। তাৰ পিছৰে পৰা সন্ধান নাই লোকজনৰ ।সন্ধানহীন লোকজন ৰামদেলি পাৰাৰ গোলোক ডেকা বুলি জানিব পৰা গৈছে(Man goes Missing)।

নদীত অহা-যোৱা কৰোতে কোনো সময়ত পানীৰ সোঁতে উটুৱাই নিয়াৰ সন্দেহ স্থানীয় লোকৰ।সোমবাৰে সন্ধিয়াৰে পৰা স্থানীয় ৰাইজে বিচাৰ-খোচাৰ কৰি যদিও কোনো সন্ধান নাপাই লোকজন । অৱশেষত গোলোক ডেকাৰ কোনো সন্ধান নোপোৱাত ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

অভিযোগ অনুসৰি এজাহাৰ দাখিৰ পিছতে বৰ্তমানলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষী।

লগতে পঢ়ক :Heated situation in Rupohihat : উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-কংগ্ৰেছ সমৰ্থকৰ তুমুল সংঘৰ্ষ