Man goes Missing : বাইহাটা চাৰিআলিত নিৰুদ্দেশ অৱসৰপ্ৰাপ্ত শিক্ষক

নিউজ ডেস্ক,২২আগষ্ট : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা ।এইবাৰ নিৰুদ্দেশ অৱসৰপ্ৰাপ্ত শিক্ষক ।বাইহাটা চাৰিআলিত নিৰুদ্দেশৰ ঘটনা ।
বাইহাটা চাৰিআলিৰ থানাৰ অন্তৰ্গত বৰহাজাৰা গাঁৱৰ নিবাসী তথা মাজগাওঁ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ চন্দ্ৰ ডেকা নিৰুদ্দেশ । সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ লোকজন ।
পৰিয়ালৰ কণিষ্ঠ পুত্ৰ অনুপ ডেকাই জনোৱা অনুসৰি সোমবাৰে পুৱা ১১বজাত বেজেৰাস্থিত ইউকো বেঙ্কৰ শাখালৈ কাম আছে বুলি ওলাই গৈছিল ।বহু দেৰিলৈ ঘৰ আহি নোপোৱাত বহুবাৰো ফোন কৰোতে কোনো সহাৰি নাপায় পৰিয়ালৰ সদস্যই বাইহাটা আৰক্ষী থানাত যোগাযোগ কৰে(Man goes Missing)।
আৰক্ষীৰ পৰা পোৱা খবৰ অনুসৰি মোৱাইলৰ অৱস্থিতি পাণ্ডু ফেৰী ঘাট বুলি নিশ্চিত হোৱাত শেষ নিশালৈ বিচাৰ-খোচাৰ কৰিলে যদিও কোনো ধৰণৰ শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে ডেকাৰ মোবাইলৰ ফোনটো বাজি আছে যদিও ৰিচিভ্ নোহোৱাত লগতে একে স্থানৰে অৱস্থিতি দেখুৱাই থকাত বিপাঙত পৰিছে আৰক্ষী তথা পৰিয়ালৰ লোকসকল।
সুস্থ শৰীৰে ঘৰৰ পৰা বেংকলৈ বুলি ওলাই যোৱা মানুহজন হঠাৎ নোহোৱা হোৱাত ঘৰখনত এতিয়া কান্দোনৰ ৰোল উঠিছে। মানুহজনৰ কোনোৱে কিবা সম্ভেদ পালে ৯১০১৬-৩২৮০,৭৬৩৭৮-৭৩৮৬৮ নম্বৰ দুটাত যোগাযোগ কৰাৰ বাবে পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে(Man goes Missing)।
লগতে পঢ়ক :Bomb threat on Air India flight : এয়াৰ ইণ্ডিয়াৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি