Local, Vocal, Global

WATCH | Man goes Missing : ৰঙিয়ালৈ বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ তুম্ভুৰাম কলিতা

ৰঙিয়া,২৭মাৰ্চ : ৰঙিয়ালৈ বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বড়িগোগ গাঁৱৰ তুম্ভুৰাম কলিতা নামৰ এজন লোক। নিজ ঘৰৰ পৰা চৰকাৰী ঘৰৰ সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যে ৰঙিয়ালৈ আহি হঠাৎ সন্ধানহীন হয় লোকজন।

পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও লোক জনৰ এতিয়ালৈ কোনধৰণৰ শুংসূত্ৰ লাভ কৰিব নোৱাৰি অৱশেষত উপস্থিত হয় ৰঙিয়া আৰক্ষী থানাত।বৰ্তমান পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ(Man goes Missing)।

কোনোবাই যদি লোকজনৰ কোনো ধৰণৰ সম্ভেদ লাভ কৰে তেন্তে 9101181573 নতুবা 7086981440 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে নিৰুদ্দিষ্ট তুম্ভুৰাম কলিতাৰ পৰিয়ালে।

লগতে পঢ়ক : WATCH | Road Accident : সোণাপুৰৰ যোগদলত ভয়াৱহ পথ দুৰ্ঘটনা