Man goes Missing : নগাঁও জিলাৰ মহগৰিয়াআটি গাঁৱৰ পৰা সন্ধানহীন ৰবীন্দ্ৰ নাথ
নিউজ ডেস্ক,২২জুন : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়াআটি গাঁৱৰ পৰা সন্ধানহীন এজন লোক । শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে ৰবীন্দ্ৰ নাথ (৪৯) নামৰ লোকজন(Man goes Missing) ।
জানিব পৰা মতে, শুকুৰবাৰে ৰবীন্দ্ৰ নাথে নিজ ঘৰৰ পথাৰলৈ ওলাই গৈছিল আৰু তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে লোকজন। ৰবীন্দ্ৰ নাথ সন্ধানহীন হোৱাৰ পিছতে আত্মীয়ই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই ।
পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি পথাৰত ঘাঁহ কাটিবলৈ যোৱা পৰাই আজি পৰ্যন্ত ঘৰলৈ উভতি অহা নাই ৰবীন্দ্ৰ নাথ।
লগতে পঢ়ক : Children drown to death : গা ধুবলৈ গৈ জলাশয়ত সলিল সমাধি নৱম শ্ৰেণীৰ ছাত্ৰৰ