Man Found Dead In Guwahati Residence : ঘৰৰ ভিতৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ
নিউজ ডেস্ক, ১২ডিচেম্বৰ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । মহানগৰীৰ লাচিত নগৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ(Deadbody recovered) ।
ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody Recovered in Guwahati)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে(Man Found Dead In Guwahati Residence) ।
যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।
পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ। এইবাৰ লাচিত নগৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মৃত লোকজনৰ নাম ৰূপম গোস্বামী বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ঘৰটোত অকলে বাস কৰিছিল ৰূপম গোস্বামীয়ে । বহুদিন পূৰ্বে পত্নীয়ে এৰি গৈছিল লোকজনক। পত্নী এৰি যোৱাৰ পিছৰে পৰা অকলে থাকে লোকজন । লোকজনৰ একমাত্ৰ পুত্ৰ বিদেশত থাকে । দুদিন পূৰ্বেই লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। কিন্তু মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ঘটনাৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ।