Local, Vocal, Global

Man falls to death in pursuit of photograph : বৰ্তমানেও সন্ধানহীন আতিজেশ হাজৰিকা

ধেমাজি,১৩জুলাই : বৰ্তমানেও সন্ধানহীন আতিজেশ হাজৰিকা । নিশাৰে পৰা SDRF বাহিনীয়ে অভিযান চলাই আছে যদিও বৰ্তমানেও কোনো ধৰণৰ সন্ধান পোৱা নাই ছাত্ৰজনৰ ।

উল্লেখ্য যে, শুকুৰবাৰে ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ ৭ জনীয়া ছাত্ৰৰ সৈতে চিমেন নদীত ফুৰিবলৈ গৈছিল ।ফুৰিবলৈ আহি চিমেন নদীত ছেলফি উঠিবলৈ গৈছিল এজন ছাত্ৰ । চিমেন নদীত এটি শিলৰ ওপৰত থিয় হৈ ছেলফি উঠিবলৈ লওঁতে ভৰি পিচলি নৈত পৰিছিল আৰু সেই সময়তে নৈৰ কোৱাল সোঁতে উটোৱাই লৈ যায় ছাত্ৰজনক। তাৰ পিছৰে পৰা নিখোজ হৈছিল ১৬ বছৰীয়া কিশোৰ আজিতেশ হাজৰিকাৰ(Man falls to death in pursuit of photograph) ।

নিখোজ আজিতেশ হাজৰিকাৰ বিচাৰি আজি পুৱাৰে পৰা আৰক্ষীৰ ডুবাৰু বাহিনীয়ে দুখন নাঁৱৰে অব্যাহত ৰাখিছে অনুসন্ধান।ইফালে নৈৰ পাৰত বহী এই সমগ্ৰ উদ্ধাৰ কাৰ্য প্ৰত্যক্ষ কৰি কেৱল অসহায়ভাৱে হুমুনিয়াহ কাঢ়িছে নিখোজ কিশোৰজনৰ আত্মীয় স্বজনে।

লগতে পঢ়ক : Man falls to death in pursuit of photograph : ছেলফিয়ে কাল হ’ল এজন ছাত্ৰৰ বাবে